কোকৰাঝাৰত গোৰ্খাসকলৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ গৰকা এখন ব্যতিক্ৰমী দুৰ্গা পূজা

author img

By

Published : Oct 3, 2022, 8:37 AM IST

Durga Puja Celebrates in Kokrajhar

কোকৰাঝাৰৰ হৰিণাগুৰিত গোৰ্খাসকলৰ সোণালী জয়ন্তী বৰ্ষ গৰকা এখনি ব্যতিক্ৰমী দুৰ্গা পূজা (Durga Puja 2022) ৷ পূজাৰ লগত সংগতি ৰাখি বিটিআৰত শান্তি কামনাৰে পূজাৰ সপ্তমীৰ দিনা বাওঁখুংগ্ৰী পাহাৰৰ ফুল পত্ৰ সংগ্ৰহেৰে সাংস্কৃতিক শোভাযাত্ৰা ৷

কোকৰাঝাৰ, 3 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্যৰ চৌপাশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ (Durga Puja in Assam) ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja 2022) ৷ শংখ, ঘণ্টা, মাংগলিক ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌপাশ ৷ চাৰিওফালে কেৱল দেৱীৰ বন্দনা-অৰ্চনা ৷ মুঠতে চৌদিশে পূজাৰ এক সুন্দৰ পৰিৱেশৰ মাদকতা ৷

এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মিশ্ৰিত জনগাঁথনিৰে সম্প্ৰীতিৰ চানেকি বহন কৰা কোকৰাঝাৰৰ নিকটৱৰ্তী হৰিণাগুৰি (Durga Puja Celebrates in Kokrajhar) ৷ ঐতিহাসিক বাওঁখুংগ্ৰী পাহাৰৰ নামনিত সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰা হৰিণাগুৰি দুৰ্গা মন্দিৰ প্ৰাংগনত এইবেলি উদযাপন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ ৷ মূলতঃ গোৰ্খা সম্প্ৰদায়ৰ উদ্যোগত হৰিণাগুৰিত দুৰ্গোৎসৱ পালন কৰা হয় যদিও অঞ্চলটোত বসবাস কৰা বড়ো, ৰাভা, কোচ ৰাজবংশী আদি বিভিন্ন জনগোষ্ঠীৰ ৰাইজেও সহযোগিতা আগবঢ়াই আহিছে ৷

হৰিণাগুৰিত সোণালী জয়ন্তী বৰ্ষ গৰকা গোৰ্খাসকলৰ ব্যতিক্ৰমী দুৰ্গা পূজা

১৯৪৭ চনতে স্থাপিত হৰিণাগুৰি দুৰ্গা পূজাভাগে এইবাৰ সোণালী জয়ন্তী বৰ্ষ গৰকা উপলক্ষে দেওবাৰে অৰ্থাৎ সপ্তমীৰ বিয়লী এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural procession in Kokrajhar) ৷ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে পুৰুষ-মহিলা, যুৱক-যুৱতী, কণ কণ শিশুকে আদি কৰি সকলো (Harinaguri Unique traditional Gorkha community golden jubilee Durga Puja) ৷

ইফালে পুৰুষ-মহিলা, যুৱক -যুৱতী আৰু কণ কণ শিশুসকলে পৰম্পৰাগত বাদ্য-যন্ত্ৰ বাদনৰ লগতে নৃত্য-গীত পৰিৱেশন কৰি বাওঁখুংগ্ৰী পাহাৰৰ পৰা ন বিধ বিভিন্ন প্ৰজাতিৰ ফুলৰ পাত সংগ্ৰহ কৰে ৷ বিজয়া দশমীৰ দিনা দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি বিসৰ্জনৰ সৈতে সেই ফুলৰ পাতসমূহ বিসৰ্জন কৰা হ’ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈ বিটিআৰৰ পাৰিষদ তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা মাধৱ ছেত্ৰীয়ে ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, শাৰদীয় নৱৰাত্ৰিৰ সপ্তমটো দিনত অৰ্থাৎ মহাসপ্তমীৰ দিনটোত দেৱী দুৰ্গাৰ কালৰাত্ৰি ৰূপৰ পূজা কৰা হয় আৰু ভক্তসকলে উপবাস ৰাখে । দেৱী কালৰাত্ৰিৰ ৰূপটো অতিকে দুৰ্ধৰ্ষ, ভয়ানক আৰু শৰীৰৰ বৰণ ক'লা । কালৰাত্ৰি দেৱীয়ে শত্ৰুৰ ওপৰত ভয় তথা ত্ৰাসৰ সৃষ্টি কৰে, সেইবাবেই তেওঁক কালৰাত্ৰি বুলি কোৱা হয় । ৰক্তবীজৰ বধৰ সময়ত দেৱী দুৰ্গাই কালৰাত্ৰিৰ ৰূপ লৈছিল বুলি আছে জনবিশ্বাস ৷

লগতে পঢ়ক: মহাসপ্তমী উপলক্ষে জোনাইত উখল-মাখল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.