শান্তিপূৰ্ণভাৱে দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে মৰাণত সমন্বয়ৰক্ষী কাৰ্যালয় স্থাপন

By

Published : Oct 3, 2022, 8:56 AM IST

thumbnail

শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে উখল-মাখল পৰিৱেশৰ (Durga Puja in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰাণতো উলহ মালহেৰে পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে (Durga Puja 2022) ৷ দেৱী দূৰ্গাৰ মন্ত্ৰ উচ্চাৰণত সকলো পূজা মণ্ডপ মুখৰিত হৈছে । দানৱদলনী মা দুৰ্গাৰ আশীষ বিচাৰি মৰাণৰ প্ৰত্যেকখন মণ্ডপে মণ্ডপে ভিৰ অগণন ভক্তৰ (Durga puja at Moran) ৷ ইফালে এইবাৰৰ দূৰ্গা পূজাভাগ (Durga Puja 2022) শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে মৰাণত প্ৰশাসনে স্থাপন কৰিলে মৰাণ দুৰ্গা পূজা সমন্বয়ৰক্ষী কাৰ্যালয় ৷ দেওবাৰে পূজা সমন্বয়ৰক্ষী কাৰ্যালয়টো মৰাণ ৰাজহ চক্ৰ সংলগ্ন বিষয়া পাপৰি বৰগোহাঁই আৰু মৰাণ পৌৰসভাৰ পৌৰপতিয়ে শুভ উদ্বোধন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.