ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 6, 2022, 6:58 PM IST

7 বজাৰ সংবাদ শীৰ্ষ
7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ

Rajya Sabha Election : হৰ্চ ট্ৰেডিঙৰ আশংকাই দহিছে প্ৰদেশ কংগ্ৰেছক

আসন্ন ৰাজ্য সভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত হৰ্চ ট্ৰেডিঙৰ আশংকাত ভুগিছে প্ৰদেশ কংগ্ৰেছ (Horse Trading in Rajya Sabha Election)৷ তাৰ মাজতে বহু কংগ্ৰেছী নেতা গেৰুৱা হোৱাৰ বু বু-বা বা চলিছে ৰাজনৈতিক দলৰ ভিতৰে-বাহিৰে ৷ এনে সন্ধিক্ষণত চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে খহনীয়াৰ কবলত পৰা অসম কংগ্ৰেছ ৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সম্বোধন কৰা এক সংবাদমেলত ইয়াৰে ইংগিত পোৱা গ’ল ৷

সভাত মানুহ কম হোৱাৰ বাবেহে বাতিল হ’ল প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান : ভূপেন বৰা

পঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাগল’বলগীয়া এক অনুষ্ঠান হঠাৎ বাতিল হোৱা ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে (PM Modi's rally at Ferozepur was cancelled) ৷ নিৰাপত্তাজনিত কাৰণত এই কাৰ্যসূচী বাতিল কৰিবলগীয়া হ’ল বুলি গৃহ মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত কংগ্ৰেছে প্ৰদান কৰিছে বিপৰীত মন্তব্য ৷ আশা কৰামতে সভাত জনসমাগম নোহোৱাৰ বাবেহে কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ’ল বুলি মন্তব্য দিছে কংগ্ৰেছ দলে ৷

সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণ ?

বতৰৰ পৰিৱৰ্তনৰ বাবে হোৱা সাধাৰণ জ্বৰ-কাহে শীতৰ শেষৰ দিন কেইটাত বিবুধিত পেলাইছে ৰাইজক (Omicron or common cold) ৷ সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণত আক্ৰান্ত হৈছে সাধাৰণ ৰাইজ ইয়াকে লৈ হৈছে চিন্তিত ৷ সেয়ে জানি থওঁ আহক অ’মিক্ৰণ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা ৷

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক অশুভ শক্তি আখ্যা ভৱেশ কলিতাৰ

খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনকলৈ(Vacant Rajya Sabha seats in Assam) তৎপৰ হৈ পৰিছে শাসক-বিৰোধী দলসমূহ । আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনকলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক আখ্যা দিলে অশুভ শক্তি হিচাপে (Bhabesh Kalita on Rajyasabha Election) ।

হাউলীত হস্ত নিৰ্মিত পিষ্টলসহ এজনক আটক

বুধবাৰে নিশা হাউলীৰ ইটাৰভিটাত উদ্ধাৰ এটা হস্তনিৰ্মিত পিস্তল (Police siezed handmade pistol) ৷ ইটাৰভিটা গাঁৱৰ ছালাম আলীৰ ঘৰৰ গোহালি ঘৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিস্তলটো ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ছালাম আলীক ৷

Bulli Bai App controversy : অসমত গ্ৰেপ্তাৰ মূল খলনায়ক

মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সন্মান হানি কৰা বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈ( Bulli Bai App creaotor Neeraj Bishnoi)ক যোৰহাটৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিছে ৷ এই এপৰ সৈতে জড়িত থকাৰ অভিযোগত বিভিন্ন জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ সবিশেষ জানো আহক ৷

Spring Summer 2022: অসমীয়া পৰম্পৰাগত সাজক নতুন ৰূপ দিছে ৰিমু ভট্টাচাৰ্যই

অসমীয়া পৰম্পৰাগত সাজপাৰৰ অভিনৱ ডিজাইনেৰে ৰিমু ভট্টাচাৰ্যই (Fashion Designer Remu Bhattacharya) আৰম্ভ কৰিছে এক নতুন ক্লথিং লেৱেল 'ৰিমু ভট্টাচাৰ্য' । বুধবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত আয়োজন কৰা হয় এক অনলাইন ফেশ্বন শ্ব' (Online Fashion Show) । ভাৰ্জুৱেল দৰ্শক আৰু গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে ৰিমু ভট্টাচাৰ্যই 'স্প্ৰিং ছামাৰ ২০২২' (Spring Summer 2022) নামেৰে এই ফেশ্বন শ্ব'খন আয়োজন কৰে ।

খাদ্যত বিহ মিহলাই অৰ্ধশতাধিক কুকুৰাক হত্যা

কলগাছিয়া থানাৰ অন্তৰ্গত দিগজানী গাঁৱত আবু বক্কৰ ছিদ্দিক নামৰ লোকজনে তিনিটা পৰিয়ালৰ 50-60 টা পোহনীয়া কুকুৰাক ধানত বিহ মিহলাই হত্যা কৰে বুলি অভিযোগ উত্থাপিত হৈছে (Chicken poisoned to death in a farm over family) ৷

Fake Indian Currency note seized: জালনোট সহ মানকাচৰত আটক দুজন

পুনৰ পোহৰলৈ আহিছে ৰাজ্যত অব্যাহত থকা জালনোট চক্ৰৰ সক্ৰিয়তা ৷ ধুবুৰীৰ কালাপানীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জালনোটসহ দুই সৰবৰাহকাৰীক (Fake Indian Currency note seized)৷

Air India Disinvestment: দিল্লী উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰিলে সুব্ৰমন্য়ম স্বামীৰ আবেদন

বিজেপি নেতা সুব্ৰমন্য়ম স্বামীয়ে এয়াৰ ইণ্ডিয়াৰ ডিচ ইনভেষ্টমেন্ট প্ৰক্ৰিয়া বাতিল কৰণৰ বাবে দাখিল কৰা এক PIL বৃহস্পতিবাৰে দিল্লী উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰিছে (PIL by Subramanian Swamy dismissed) ৷ জানো আহক কি আছিল এই PIL ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.