হাউলীত হস্ত নিৰ্মিত পিষ্টলসহ এজনক আটক

author img

By

Published : Jan 6, 2022, 6:14 PM IST

Police siezed handmade pistol

বুধবাৰে নিশা হাউলীৰ ইটাৰভিটাত উদ্ধাৰ এটা হস্তনিৰ্মিত পিস্তল (Police siezed handmade pistol) ৷ ইটাৰভিটা গাঁৱৰ ছালাম আলীৰ ঘৰৰ গোহালি ঘৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিস্তলটো ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ছালাম আলীক ৷

বৰপেটাৰোড, 6 জানুৱাৰী : হাউলীত উদ্ধাৰ হৈছে এটা হস্ত নিৰ্মিত পিস্তল ৷ হাউলীৰ ইটাৰভিটা গাঁৱৰ ছালাম আলীৰ ঘৰত বুধবাৰে নিশা উদ্ধাৰ হয় এই হস্ত নিৰ্মিত পিস্তলটো । জানিব পৰা মতে, ছালাম আলীৰ ঘৰৰ গোহালি ঘৰত উদ্ধাৰ হৈছে পিস্তলটো (Police siezed handmade pistol) ।

এই ঘটনা সন্দৰ্ভ হাউলী আৰক্ষীয়ে আটক কৰিছে ছালাম আলী নামৰ লোকজনকো । প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বেও ডকাইতিৰ ঘটনাত জড়িত থকাৰ অভিযোগত জেললৈ গৈছিল আটকাধীন ছালাম আলী ৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি, অভিযুক্ত ছালাম আলীক বৰ্তমান প্ৰেৰণ কৰা হৈছে জেললৈ ৷

আনহাতে, এই সমগ্ৰ ঘটনাত ছালাম আলীৰ বিপৰীতে অন্য দুজন ব্যক্তিহে জড়িত থকা বুলি দাবী কৰিছে ছালাম আলীৰ পৰিয়ালৰ লোকে ।

হাউলীত উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল

ছালাম আলীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি, হাউলীৰ কুখ্যাত বাইক চোৰ চুলতান আলী আৰু হাউলী থানাৰ গাড়ী চালক শ্বহিদুল ইছলামে হস্ত নিৰ্মিত পিস্তল ছালাম আলীৰ গোহালি ঘৰত ৰাখিছিল ৷ ছালাম আলীক পৰিকল্পিতভাৱে এই ঘটনাৰ লগত জড়িত কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা স্থানীয়লোকে ৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পূৰ্বে চুলতান আলী আৰু শ্বহিদুল ইছলামে হাউলী অঞ্চলত কেইবাগৰাকী লোকৰ ঘৰত পিস্তল ৰাখি নিৰীহ লোকক ফচোৱাৰ অভিসন্ধি চলাই আহিছে (Handmade pistol seized at Howly) ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে হাউলীৰ আমছু নেতাই ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত হাউলী আমছুৱে বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা উপায়ুক্তকো প্ৰদান কৰিছে এখনি স্মাৰক পত্ৰ ৷

আমছুৰ লগতে স্থানীয় ৰাইজে শীঘ্ৰে চুলতান আলী আৰু শ্বহিদুল ইছলামক আইনৰ আওতালৈ অনাৰ বাবে দাবী তুলিছে ৷ লগতে এই দুগৰাকী অভিযুক্তৰ বিৰুদ্ধে হাউলী আৰক্ষীক উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : Anti drugs mission in Darrang : দৰং আৰক্ষীয়ে জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.