ETV Bharat / state

Anti drugs mission in Darrang : দৰং আৰক্ষীয়ে জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা

author img

By

Published : Jan 6, 2022, 10:25 AM IST

ganja seized by darrang police
দৰঙত আৰক্ষীয়ে জব্দ কৰিলে গাঞ্জা

দৰং জিলা আৰক্ষীৰ বৃহৎ সাফল্য (Anti drugs mission in Darrang) ৷ বুধবাৰৰ নিশা অভিযান চলাই এখন টেংকাৰৰ পৰা জব্দ কৰিলে 2.10 কিল’গ্ৰাম গাঞ্জা ৷

দৰং, 6 জানুৱাৰী : ভাং, গাঞ্জা, হেৰ’ইন আদিৰ দৰে নিচাজাতীয় দ্ৰব্যই যেন ছানি ধৰিছে সমগ্ৰ অসমক ৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত একাংশ যুৱপ্ৰজন্মই জীৱনৰ অৱসাদ আঁতৰোৱাৰ সহজ পন্থা হিচাপে বাছি ড্ৰাগছৰ আসক্তি ৷ যাৰ বাবে দিনকদিনে বৃদ্ধি পাইছে নিচাসক্ত লোকৰ সংখ্যা ৷

পিছে ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বৰ কোনো এখন চৰকাৰে নকৰা কাম কৰিব ধৰিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৷ ৰাজ্যৰ শাসনভাৰ গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে (Operation agaisnt Drugs) ৷ তেতিয়াৰ পৰাই থমকি ৰোৱা নাই আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই গৈছে অসম আৰক্ষীয়ে ৷

ganja seized by darrang police
দৰঙত গাঞ্জা পৰিবাহী টেংকাৰ জব্দ

বুধবাৰে নিশা তেনে এক অভিযান চলিছিল দৰঙত (Anti drugs mission in Darrang) ৷ জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে, বুধবাৰে নিশা প্ৰায় 11.30 বজাত এক অভিযান চলাই মঙলদৈ থানাৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল ডেকাই ৷ গকুল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মঙলদৈ থানাৰ সন্মুখতে চলাইছিল এই অভিযান ৷ অভিযানকাৰী দলটোৱে ওদালগুৰিৰ দিশৰ পৰা অহা KA 01 AH 0353 নম্বৰৰ এখন টেংকাৰত তালাচী চলাই জব্দ কৰে 2.10 কিল’গ্ৰাম গাঞ্জা ৷

আৰক্ষীয়ে ততালিকে টেংকাৰখনৰ চালককে ধৰি দুজন ব্যক্তিক এই ঘটনাত জড়িত থকাৰ সন্দেহত কৰায়ত্ত কৰে ৷ আটকাধীন ব্যক্তি দুজনে গাঞ্জাখিনি ক’ৰ পৰা ক’লৈ সৰবৰাহৰ বাবে এইদৰে টেংকাৰখনত লুকুৱাই আনিছিল, সেই কথা বৰ্তমানলৈকে আৰক্ষীৰ আগত প্ৰকাশ কৰা নাই ৷ টেংকাৰখনৰ চালক বীৰেন্দ্ৰ বাৰ্মা আৰু সহযোগীজন আকাশ যাদৱ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি অধিক তথ্য লাভৰ বাবে দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকে জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, গাঞ্জা সৰবৰাহকাৰী বাহনখনত Govt Duty বুলি লিখা আছে ৷ যাৰ বাবে ঘটনাটো অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ এয়া ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ নতুন কৌশল নে সঁচাকৈয়ে চৰকাৰী বিভাগৰ কোনো বাহন ব্যৱহাৰ কৰি কোনোৱে ড্ৰাগছ, গাঞ্জা আদিৰ দৰে নিচাযুক্ত সামগ্ৰীৰ অবৈধ ব্যৱসায় অব্যাহত ৰাখিছে, সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আৰক্ষীয়ে জব্দ কৰা সুৰা ভৰ্তি ট্ৰাকত লাগিল জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.