Spring Summer 2022: অসমীয়া পৰম্পৰাগত সাজক নতুন ৰূপ দিছে ৰিমু ভট্টাচাৰ্যই

By

Published : Jan 6, 2022, 3:54 PM IST

thumbnail

অসমীয়া পৰম্পৰাগত সাজপাৰৰ অভিনৱ ডিজাইনেৰে ৰিমু ভট্টাচাৰ্যই (Fashion Designer Remu Bhattacharya) আৰম্ভ কৰিছে এক নতুন ক্লথিং লেৱেল 'ৰিমু ভট্টাচাৰ্য' । বুধবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত আয়োজন কৰা হয় এক অনলাইন ফেশ্বন শ্ব' (Online Fashion Show) । ভাৰ্জুৱেল দৰ্শক আৰু গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে ৰিমু ভট্টাচাৰ্যই 'স্প্ৰিং ছামাৰ ২০২২' (Spring Summer 2022) নামেৰে এই ফেশ্বন শ্ব'খন আয়োজন কৰে । অসমৰ কেইবাগৰাকীয়ও আগশাৰীৰ মডেলে অংশ গ্ৰহণ কৰা ফেশ্বন শ্ব'খনত চাৰিটা ভাগত ডিজাইনসমূহ প্ৰদৰ্শন কৰা হয় । শ্ব' ষ্টপাৰ হিচাপে থাকে মোহময়ী অভিনেত্ৰী মেঘৰঞ্জনী মেধি, প্ৰীতি কংকনা, নিশিতা গোস্বামী । অতি শীঘ্ৰেই এই ভাৰ্ছুৱেল ফেশ্বন শ্ব'খন বিভিন্ন অনলাইন প্লেটফৰ্মযোগে ষ্ট্ৰিমিং কৰা হ'ব বুলি জানিবলৈ দিয়ে ডিজাইনাৰ ৰিমু ভট্টাচাৰ্যই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.