3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 25, 2021, 2:59 PM IST

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

অক্টোৱৰ মাহত 21 দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা

অক্টোবৰ মাহত 21 দিনৰ বাবে বন্ধ থাকিব দেশৰ বেংক সেৱা ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই বন্ধৰ সূচী ৷


চৰকাৰক SOP সলনি কৰিবলৈ আহ্বান সংকল্পৰ

"আমাৰো পেট আছে, আমাৰো ভোক লাগে, আমি আমাৰ সন্তানৰ মুখৰ পিনে চাব নোৱাৰা হৈছে ৷ আমাৰ মুখৰ পিনেও অলপ চাওঁক"- চৰকাৰলৈ এই আহ্বান সংকল্প বাদ্যযন্ত্ৰী সন্থাৰ ৷

দাস, কলিতা, বৰুৱা হ'লে ভূপেন বৰাৰ চোলা চিঙি দেখুওৱাৰ দম নাই : পীযুষ হাজৰিকা

ছিপাঝাৰৰ ধলপুৰৰ ঘটনাস্থলীত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ৷ ধলপুৰত উপস্থিত হৈ কৃষি প্ৰকল্পস্থান পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ধলপুৰত সম্প্ৰতি কিছু পৰিমাণে শাম কাটিছে উত্তেজনা ৷ ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কোনো দাসৰ বাবে ভূপেন বৰাই চোলা চিঙিব নোৱাৰে, কিন্তু নিৰ্দিষ্ট কিছুমান উপাধিৰ বাবে তেওঁ চোলা চিঙিব পাৰে ৷ দাস, কলিতা বা বৰুৱাৰ বাবে ভূপেন বৰাৰ চোলা চিঙি দেখুওৱাৰ দম নাম বুলিও মন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে ৷

লখিমপুৰত পৌৰসভাৰ বিৰুদ্ধে বৰেণ্য সাহিত্যিকক অপমান কৰাৰ অভিযোগ

প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞি বৰুৱাক লখিমপুৰত অপমান কৰাৰ অভিযোগ ৷ পৌৰসভাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ ভাবুকি সচেতন নাগৰিকৰ ।

অসমৰ উচ্ছেদ অভিযানক লৈ ভাৰতীয় কূটনীতিবিদক পাকিস্তানৰ চমন

অসমৰ উচ্ছেদ অভিযানক লৈ উদ্বেগ প্ৰকাশ পাকিস্তানৰ ৷ উচ্ছেদৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ উচিত তদন্তৰ আহ্বান জনাই ভাৰতীয় কূটনীতিবিদক পাকিস্তানৰ চমন ৷ অসমত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ পাকিস্তানৰ ৷

মৃদুপৱনৰ ঘৰত আৰক্ষীৰ অভিযান : জব্দ পিষ্টলসহ‌ আপত্তিজনক নথিপত্ৰ

নিজকে গৃহ বিভাগৰ দায়িত্বশীল পদবীধাৰী বুলি দাবী‌ কৰি অহা‌ মৃদুপৱন নেওগ এইবাৰ ৰোষত পৰিছে অসম আৰক্ষীৰ । অসম আৰক্ষীয়ে মৃদুপৱন নেওগৰ কাহিলীপাৰাৰ বাসগৃহত শুকুৰবাৰে‌ ৰাতি‌ চলাইছিল অভিযান ৷ এই অভিযানত জব্দ হয় এটা পিষ্টলৰ লগতে অন্যান্য বহু সামগ্ৰী ৷

অন্তিমটো দিনৰ কাৰ্যসূচীৰে নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাতৰ পিছতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণৰ বাবে নিউয়ৰ্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী ৷

পেঙেৰীত 200 কাৰ্টন অৰুণাচলী সুৰা জব্দ, আটক 5

আৰক্ষীৰ নিৰন্তৰ অভিযানৰ মাজতো ৰাজ্যত প্ৰতিদিনে চলিয়েই আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ ইয়াৰ মাজতে পেঙেৰীত আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় 200 কাৰ্টন অৰুণাচলী সুৰা ৷

ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

ভাৰতত বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ 70 শতাংশই হৈছে আন আন স্বাস্থ্যজনিত সমস্যাত ভূগি থকা ৰোগী ৷

চুঙাজানত ব্ৰাউন চুগাৰসহ আটক দুজন

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূণ্য সহনশীলতা দেখুৱালেও এতিয়াও সম্পূৰ্ণ অপৰাধ মুক্ত হৈ উঠা নাই ৰাজ্য ৷ এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত গিজগিজাই আছে ড্ৰাগছ মাফিয়া ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.