ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 25, 2021, 1:23 PM IST

COVID-19: Active cases see slight rise,

ভাৰতত বৃদ্ধি পাইছে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ 70 শতাংশই হৈছে আন আন স্বাস্থ্যজনিত সমস্যাত ভূগি থকা ৰোগী ৷

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ : দেশত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে পুৱা প্ৰকাশ কৰা অনুসৰি, বিগত 24 ঘণ্টাত ভাৰতত পুনৰ 29,616 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 290 গৰাকী লোকৰ ৷ ইয়াৰ লগতে ভাৰতত আক্ৰান্তৰ সংখ্যা 3,36,24,419 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 4,46,658 গৰাকীলৈ ।

ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 3,01,442 গৰাকীলৈ ৷ দেশৰ দৈনিক পজিটিভিটিৰ হাৰ 1.86 শতাংশ আৰু সাপ্তাহিক পজিটিভিটিৰ হাৰ হৈছে 1.99 শতাংশ । শুকুৰবাৰৰ দিনটোত ভাৰতত প্ৰায় 15,92,421 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ লগে লগে পৰীক্ষাৰ সংখ্যা 56,16,61,383 লৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ভাৰতত বৰ্তমান আক্ৰান্তৰ হাৰ মুঠ সংক্ৰমণৰ 0.90 শতাংশ ৷ দেশব্যাপী ক’ভিড 19 ত আৰোগ্যৰ হাৰ হৈছে 97.78 শতাংশ আৰু ই 2020 চনৰ মাৰ্চ মাহৰ পাছত সৰ্বাধিক ৷

লগতে পঢ়ক : মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.