মৃদুপৱনৰ ঘৰত আৰক্ষীৰ অভিযান : জব্দ পিষ্টলসহ‌ আপত্তিজনক নথিপত্ৰ

author img

By

Published : Sep 25, 2021, 1:57 PM IST

Police raids at Mridupaban neog residence

নিজকে গৃহ বিভাগৰ দায়িত্বশীল পদবীধাৰী বুলি দাবী‌ কৰি অহা‌ মৃদুপৱন নেওগ এইবাৰ ৰোষত পৰিছে অসম আৰক্ষীৰ । অসম আৰক্ষীয়ে মৃদুপৱন নেওগৰ কাহিলীপাৰাৰ বাসগৃহত শুকুৰবাৰে‌ ৰাতি‌ চলাইছিল অভিযান ৷ এই অভিযানত জব্দ হয় এটা পিষ্টলৰ লগতে অন্যান্য বহু সামগ্ৰী ৷

গুৱাহাটী, 25 ছেপ্তেম্বৰ : অসম আৰক্ষীৰ ৰঙাচকু এইবাৰ মৃদুপৱন নেওগৰ ওপৰত ৷ ৰাজ্য তথা দেশৰ বিভিন্ন আগশাৰীৰ নেতা বা আমোলাৰ সৈত ফটো উঠি সেইসকলৰ ঘনিষ্ঠ বুলি দাবী কৰি আহিছিল‌ মৃদুপৱন নেওগ নামৰ যুৱকজনে ৷ শুকুৰবাৰে অসম আৰক্ষীয়ে হঠাৎ তথাকথিত মৃদুপৱন নেওগৰ কাহিলীপাৰাস্থিত বাসগৃহত চলাই এক তালাচী অভিযান ।

‘নেহা কাৰ বাজাৰ’ নামৰ এক গাড়ী বিক্ৰী প্ৰতিষ্ঠানৰ অভিযোগৰ ভিত্তিতেই অসম আৰক্ষীৰ এটা দলে যুৱকজনৰ ঘৰত চলাই এই অভিযান ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই অভিযুক্ত মৃদুপৱন নেওগ পলাই যাবলৈ সক্ষম হয় । এই অভিযানত আৰক্ষীয়ে এটা পিষ্টল, সংবাদ মাধ্যমৰ কাৰ্ড, লগ'ৰ লগতে ভালেসংখ্যক আপত্তিজনক নথি জব্দ কৰিবলৈ সক্ষম‌ হয় ।

‌‌‌‌উল্লেখ্য যে, নেহা কাৰ বাজাৰ কৰ্তৃপক্ষই মৃদুপৱনক এখন ফৰচুনাৰ গাড়ী ক্ৰয় কৰাৰ বাবদ পৰিশোধ কৰিছিল ত্ৰিশ লাখ নব্বৈ হাজাৰ টকা ৷ কিন্তু ধন পৰিশোধ কৰাৰ পাচতো গাড়ীখন দিয়া নাছিল মৃদুপৱনে ৷ যাৰ ফলত প্ৰতিষ্ঠানটোৱে কাষ চাপে আৰক্ষীৰ । প্ৰতিষ্ঠানটোৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে শুকুৰবাৰে নিশা মৃদুপৱন নেওগৰ বাসগৃহত চলাই এক তালাচী অভিযান ৷

উল্লেখ্য যে, অভিযুক্ত মৃদুপৱন নেওগ বিভিন্ন সময়ত বিভিন্ন অভিযোগেৰে চৰ্চিত হৈ আহিছিল । অভিযোগ অনুসৰি, পূৰ্বেও মৃদুপৱন নেওগে নিজৰ ঘৰৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ এগৰাকী বিশেষ পদবীধাৰী হিচাপে নামফলক লিখি থৈছিল । তাৰ পিছত ৰাজ্যৰ কেইবাগৰাকীও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে অভিযুক্ত মৃদুপৱন নেওগৰ সৈতে উঠা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ।

আনকি অসম চৰকাৰৰ নিযুক্তিকেন্দ্ৰিক আউটচৰ্ছিং কোম্পানীৰ এগৰাকী স্থানীয় বিষয়াৰ লগতো মৃদুপৱন নেওগৰ সম্পৰ্ক আছিল । জানিব পৰা মতে, জ্যেষ্ঠ ভগ্নী এগৰাকী জ্যোতিষী হোৱাৰ সুযোগ লৈ বিভিন্ন নামী-দামী লোকৰ ওচৰ চাপিছিল মৃদুপৱন । একপ্ৰকাৰে এগৰাকী প্ৰৱঞ্চক হিচাপে পৰিচিত হৈ পৰিছিল মৃদুপৱন নেওগ ৷

শুকুৰবাৰে অভিযানৰ সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰ পৰা আৰক্ষীৰ চকুত দি মৃদুপৱনে কেনেকৈ‌ পলাই যাব‌লৈ সক্ষম হ’ল, তাক লৈ এতিয়া সচেতন মহলত চৰ্চা আৰম্ভ হৈছে । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অভিযুক্ত মৃদুপৱন নেওগ আটক হ'লে আৰু বহু কথাই পোহৰলৈ আহিব ৷

লগতে পঢ়ক: মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.