অসমৰ উচ্ছেদ অভিযানক লৈ ভাৰতীয় কূটনীতিবিদক পাকিস্তানৰ চমন

author img

By

Published : Sep 25, 2021, 2:17 PM IST

Pak summons Indian diplomat over Assam eviction drive

অসমৰ উচ্ছেদ অভিযানক লৈ উদ্বেগ প্ৰকাশ পাকিস্তানৰ ৷ উচ্ছেদৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ উচিত তদন্তৰ আহ্বান জনাই ভাৰতীয় কূটনীতিবিদক পাকিস্তানৰ চমন ৷ অসমত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ পাকিস্তানৰ ৷

নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ : বেদখলকাৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি আৰু অন্যান্য গাঁওসমূহত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানক লৈ পাকিস্তানে উদ্বেগ প্ৰকাশ কৰিছে ৷ উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি পাকিস্তানে ভাৰত চৰকাৰক বিষয়টোৰ উচিত তদন্ত কৰাৰ বাবে আহ্বান জনাইছে ৷

শুকুৰবাৰে পাকিস্তানে ভাৰতৰ Charge d' Affairesক বৈদেশিক কাৰ্যালয়(Foreign Office)লৈ মাতি পঠিয়াই আৰু অসমত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি ঘটনাটোৰ সৈতে জড়িত অপৰাধীসকলক শাস্তি প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰো আহ্বান জনায় ৷

উল্লেখ্য যে, উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ গুলীত ধৰাশায়ী এজন প্ৰতিবাদকাৰীৰ মৃতদেহৰ ওপৰত এজন কেমেৰামেনে হিংসাত্মক আচৰণ কৰা ভিডিঅ' বিয়পি পৰিছিল ৷ অঞ্চলবাসী ৰাইজৰ প্ৰতিবাদত পৰিস্থিতিৰ অধিক অৱনতি ঘটে আৰু দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষীসহ 20 ৰো অধিক লোক আঘাতপ্ৰাপ্ত হয় ৷

এই ঘটনাৰ পাচতে পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে(Pakistan's Foreign Office) এক বিবৃতিযোগে কয় যে, ভাৰতীয় কূটনীতিবিদজন(Indian diplomat)ক শেহতীয়াকৈ অসমত সংঘটিত মুছলমান বিৰোধী হিংসা(anti-Muslim violence)ৰ তদন্তৰ উদ্দেশ্যে ভাৰতক ব্যৱস্থা গ্ৰহণৰ বাবে কোৱা হৈছে ৷ অপৰাধীসকলক শাস্তি প্ৰদানৰ অনুৰোধ জনোৱাৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও পাকিস্তানে আহ্বান জনাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, দৰং জিলা প্ৰশাসনে(Darrang district administration) এইপৰ্যন্ত 602.4 হেক্টৰ ভূমি মুকলি কৰিছে আৰু সোমবাৰৰ পৰা মুঠ 800 পৰিয়ালক উচ্ছেদ কৰিছে ৷ ছিপাঝাৰত চাৰিটাকৈ অবৈধভাৱে নিৰ্মিত ধৰ্মীয় স্থানো প্ৰশাসনে উচ্ছেদ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মাটিৰ সমস্যা সাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.