পেঙেৰীত 200 কাৰ্টন অৰুণাচলী সুৰা জব্দ, আটক 5

author img

By

Published : Sep 25, 2021, 11:27 AM IST

Illegal wine seized in pengeri, as10027

আৰক্ষীৰ নিৰন্তৰ অভিযানৰ মাজতো ৰাজ্যত প্ৰতিদিনে চলিয়েই আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ ইয়াৰ মাজতে পেঙেৰীত আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় 200 কাৰ্টন অৰুণাচলী সুৰা ৷

তিনিচুকীয়া, 25 ছেপ্তেম্বৰ : অসমক নিচামুক্ত কৰিবলৈ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী ৷ কিন্তু নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক কঠোৰ হ’বলৈ দিয়া নিৰ্দেশনাৰ পিছতো প্ৰতিদিনে ৰাজ্যত চলিয়েই আছে অবাধে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ ইয়াৰ মাজতে তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত কঠালগুৰিত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷

Illegal wine seized in pengeri, as10027
পেঙেৰীত অৰুণাচলী সুৰা জব্দ

বৰডুমচা আৰক্ষী আৰু পেঙেৰী আৰক্ষীৰ যুটীয়া অভিযানত 200 কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰা হয় ৷ অভিযানকাৰী দলটোৱে পাঁচজনকৈ লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন ব্যক্তিকেইজন ক্ৰমে তনয় নেৱাৰ, মিণ্টু নেৱাৰ, ৰূপত গুৰুং, পাপু গগৈ, চিবু নেৱাৰ বুলি চিনাক্ত কৰা হৈছে ৷

অৰুণাচল, বৰডুমচাৰ পৰা পেঙেৰী ৰাষ্ট্ৰীয় ঘাইপথেৰে পেঙেৰী-ডিগবৈৰ অভিমুখে গৈ থকা তিনিখন বাহনত দলটোৱে কঢ়িয়াই আনিছিল সুৰাখিনি ৷ বাহনকেইখনত অবৈধভাৱে সুৰা কঢ়িয়াই অনাৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক : ৰাজ্যিক কেবিনেটৰ নতুন সিদ্ধান্ত সমূহ...

এই তথ্যৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাইছিল ৷ আটকাধীন আটাইকেইগৰাকীকে আবকাৰী বিভাগৰ হাতত গতাই দিয়া হৈছে ৷ বিভাগে এই সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে ৷

Illegal wine seized in pengeri, as10027
পেঙেৰীত অৰুণাচলী সুৰা জব্দ

নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰতিদিনেই এনেদৰে আৰক্ষীৰ নিৰন্তৰ অভিযান চলিয়েই আছে ৷ ইতিমধ্যে কেইবাগৰাকীও অপৰাধী আৰক্ষীৰ হাতত পৰিছে ৷ ৰাজ্যৰ পৰা নিচাজাতীয় দ্ৰব্যৰ ঘাটিসমূহে পুলি-পোখালিয়ে উভালিবলৈ আৰক্ষীয়ে বহুকেইগৰাকী অপৰাধীক এনকাউণ্টাৰো কৰিছে ৷

কিন্তু আৰক্ষীৰ কঠোৰতাৰ মাজতো চোৰাং ব্যৱসায়ীসকলে চলাই গৈছে ব্যৱসায় ৷ তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ নিচামুক্ত অসমৰ সপোনলৈ এতিয়াও বহুযোজন বাট ৷

লগতে পঢ়ক : পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.