চৰকাৰক SOP সলনি কৰিবলৈ আহ্বান সংকল্পৰ

author img

By

Published : Sep 25, 2021, 2:16 PM IST

sankalp-urge-on-government-to-change-sop

"আমাৰো পেট আছে, আমাৰো ভোক লাগে, আমি আমাৰ সন্তানৰ মুখৰ পিনে চাব নোৱাৰা হৈছে ৷ আমাৰ মুখৰ পিনেও অলপ চাওঁক"- চৰকাৰলৈ এই আহ্বান সংকল্প বাদ্যযন্ত্ৰী সন্থাৰ ৷

নলবাৰী, 25 ছেপ্টেম্বৰ : ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন ধৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ শিল্পী, কলা-কুশলীৰ মাজত ৷ ক’ভিড 19 ৰ বাবে বিগত কেইবামাহ ধৰি কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁলোকৰ যেন পানীত হাঁহ নচৰা অৱস্থা হৈছে । সম্প্ৰতি ক’ভিড পৰিস্থিতি কিছু পৰিমাণে স্তিমিত হোৱালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কিছু শিথিলতা জাৰি কৰাৰ লগতে 1 অক্টোবৰৰ পৰা ৰাজ্যত আনলক ঘোষণা কৰিছে ৷

ইতিমধ্যে দশম শ্ৰেণীৰ পাঠদান 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে আন আন শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব ৷ কিন্তু ইয়াৰ বিপৰীতে সমাগত দুৰ্গা পূজাৰ সময়ত সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা চৰকাৰে বাহাল ৰাখিছে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছত বিমোৰত পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ৷ যাৰ বাবে বিভিন্ন সাংস্কৃতিক দলে চৰকাৰক এই নিষেধাজ্ঞা বাতিল কৰাৰ বাবে আহ্বান জনায় ৷

এনে সময়তে শুকুৰবাৰে নলবাৰীত সংকল্প বাদ্যযন্ত্ৰী সন্থাই সংবাদমেলৰ জৰিয়তে চৰকাৰক SOP সলনি কৰিবলৈ আহ্বান জনায় ৷ তেওঁলোকে পৰিয়ালৰ দুখ-দুৰ্দশাৰ কথা ব্যক্ত কৰি চৰকাৰক পূজাৰ সময়ত সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা কিছু সলনি শিথিল কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.