মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

author img

By

Published : Sep 25, 2021, 12:57 PM IST

Updated : Sep 25, 2021, 1:13 PM IST

Assam Government soon to introduce new portal mission Basundhara for land related issues

মাটি-বাৰীক লৈ কিবা সমস্যা আছে নেকি আপোনাৰ ? আপোনাৰ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

নিউজ ডেস্ক, 25 ছেপ্তেম্বৰ : ৰাইজৰ মাটি-বাৰীৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ মাটি-বাৰীৰ ক্ষেত্ৰত 9 টা সেৱা সামৰি ৰাজ্য চৰকাৰে সাজি উলিওৱাৰ সিদ্ধান্ত লৈথে ‘মিছন বসুন্ধৰা’ নামেৰে এক প’ৰ্টেল ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে লয় এই সিদ্ধান্ত ৷

এই প’ৰ্টেল প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব প্ৰায় 209.84 কোটি টকা ৷ এই প’ৰ্টেলত উপলৱদ্ধ সেৱাসমূহ হ’ব এনে ধৰণৰ-

  • উত্তৰাধিকাৰী সূত্ৰে নামজাৰি
  • দলিল সূত্ৰে নামজাৰি
  • বিবাদমু্ক্ত বাটোৱাৰা
  • একচনীয় পট্টাৰ ম্যাদী পট্টাকৰণ
  • মাটিৰ শ্ৰেণী পৰিৱৰ্তন
  • ৰাজহ নথিৰ পৰা দখল, স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন
  • আবণ্টিত মাটিৰ ম্যাদী পট্টাকৰণ
  • ভূমি নথিৰ সংশোধনী
  • ভূমি নথিত পট্টাদাৰৰ ম’বাইল ফোন নম্বৰৰ অন্তৰ্ভূক্ত

ইয়াৰ লগতে আঁচনিখন ৰূপায়ণৰ সময়ত আন কেতবোৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ’ব-

  • আঁচনিৰ ৰূপায়ণৰ সময়ত এ এল আৰ ১৮৮৬ ৰ অধিনিয়ম (The Assam Land and Revenue Regulation 1886) ১২৬ আৰু ১৭৪ শিথিল কৰা হ'ব
  • গ্ৰামাঞ্চলত একচনীয়া পট্টা ম্যাদীকৰণৰ ক্ষেত্ৰত কিস্তি ৰেহাইৰ ব্যৱস্থা
  • সকলো ধৰণৰ ভূমি সম্পৰ্কীয় বিবাদ দূৰীকৰণৰ বাবে পৰৱৰ্তী বিধানসভা অধিৱেশনত নতুন আইন অনা হ’ব
  • জৰীপৰ সা-সৰঞ্জাম সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ’ব
  • সকলো ৰাহজ চক্ৰতে চৰকাৰী জৰীপ সঞ্চালক আৰু জৰীপ দল থাকিব

লগতে পঢ়ক : থাওৰাত কংগ্ৰেছ-বিজেপিৰ দুৰ্নীতিৰ তদন্ত কৰা হ'ব : অখিল গগৈ

Last Updated :Sep 25, 2021, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.