অক্টোৱৰ মাহত 21 দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা

author img

By

Published : Sep 25, 2021, 2:11 PM IST

Bank Services will be close  for 21 days in the month of October

অক্টোবৰ মাহত 21 দিনৰ বাবে বন্ধ থাকিব দেশৰ বেংক সেৱা ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই বন্ধৰ সূচী ৷

নিউজ ডেস্ক, 25 ছেপ্তেম্বৰ : অক্টোবৰ মাহত বেংকত কিবা জৰুৰী কাম আছে নেকি আপোনাৰ ? যদি আছে তেন্তে এই কেইদিনৰ ভিতৰতে কৰি লওক বেংকৰ সকলো জৰুৰী কাম-কাজ ৷ কাৰণ অহা মাহত 21 দিনৰ বাবে বন্ধ থাকিব সকলো ধৰণৰ বেংক সেৱা ৷

ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি অক্টোবৰ মাহত সমগ্ৰ দেশত 21 দিনৰ বাবে বন্ধ থাকিব বেংক । ইয়াৰ ভিতৰত 5 দিন দেওবাৰ আৰু এদিন দ্বিতীয় শনিবাৰ আৰু এদিন চতুৰ্থ শনিবাৰ ৷ অন্যান্য বন্ধসমূহ হৈছে-

অক্টোবৰ 2 – গান্ধী জয়ন্তী

অক্টোবৰ 3 - দেওবাৰ

অক্টোবৰ 9 – দ্বিতীয় শনিবাৰ

অক্টোবৰ 10 - দেওবাৰ

অক্টোবৰ 13 – দুৰ্গা পূজা, অষ্টমী

অক্টোবৰ 14 - দুৰ্গা পূজা, নৱমী

অক্টোবৰ 15 – দুৰ্গা পূজা, দশমী

অক্টোবৰ 17 - দেওবাৰ

অক্টোবৰ 18 – কাতি বিহু উপলক্ষে ৰাজ্যৰ বেংসসমূহ বন্ধ থকাৰ উপৰিও 20, 23, 24 আৰু 31 অক্টোবৰতো বন্ধ থাকিব ৰাজ্যৰ বেংক সেৱা ৷

অৱশ্যে এই বন্ধৰ তালিকা ৰাজ্য ভেদে ভিন ভিন হ’ব ৷ অসমত মুঠ 13 দিনৰ বাবে বন্ধ থাকিব বেংকসমূহ ৷

লগতে পঢ়ক : মাটিৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ ‘মিছন বসুন্ধৰা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.