চুঙাজানত ব্ৰাউন চুগাৰসহ আটক দুজন

author img

By

Published : Sep 25, 2021, 12:24 PM IST

Updated : Sep 25, 2021, 12:37 PM IST

Two Drugs Pedeler Arrestd at Golaghat

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূণ্য সহনশীলতা দেখুৱালেও এতিয়াও সম্পূৰ্ণ অপৰাধ মুক্ত হৈ উঠা নাই ৰাজ্য ৷ এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত গিজগিজাই আছে ড্ৰাগছ মাফিয়া ৷

সৰুপথাৰ, 25 ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত নাওঘাটত বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা নিয়মীয়া তালাচী ব্ৰাউন চুগাৰসহ ধৰা পৰে ড্ৰাগছ সৰবৰাহকাৰী দুজন ৷

Two Drugs Pedeler Arrestd at Golaghat
চুঙাজানত ব্ৰাউন চুগাৰসহ আটক দুজন

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন মৰিগাঁও জিলাৰ সাপেখাতীৰ ছায়দুল ইছলাম আৰু আবুল কালাম বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী দুজন কাৰ্বি আংলং জিলাৰ বোকাজানৰ দিশৰ পৰা আহি থকা অৱস্থাত আৰক্ষীয়ে নিষিদ্ধ ব্ৰাউন চুগাৰসহ দুয়োকে আটক কৰে ৷ ধৃত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় ১৩.৬৭ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷

ইপিনে আটকাধীন ছাইদুল ইছলাম নামৰ সৰবৰাহকাৰীজন কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ গোচৰ নং ১৩৮/২১ইউ/এচ২১(বি)/২৯ এনডিপিএচ আইনৰ অধীনত ৱাণ্টেড হৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি ছাইদুল ইছলাম আৰু আবুল কালামৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : তামুলপুৰ আৰক্ষীৰ জালত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন

Last Updated :Sep 25, 2021, 12:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.