লখিমপুৰত পৌৰসভাৰ বিৰুদ্ধে বৰেণ্য সাহিত্যিকক অপমান কৰাৰ অভিযোগ

author img

By

Published : Sep 25, 2021, 2:04 PM IST

complain against municipal board

প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞি বৰুৱাক লখিমপুৰত অপমান কৰাৰ অভিযোগ ৷ পৌৰসভাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ ভাবুকি সচেতন নাগৰিকৰ ।

লখিমপুৰ, ২৫ ছেপ্টেম্বৰ : ১৯১৭ চনত গঠন কৰা হৈছিল অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা । অসম সাহিত্য সভা গঠনৰ পাঁচ বছৰৰ পূৰ্বে অৰ্থাৎ ১৯১২ চনত গঠন কৰা হৈছিল উত্তৰ লখিমপুৰ সাহিত্য সভা । প্ৰতিষ্ঠাপক সভাপতি আছিল প্ৰথিতযশা সাহিত্যিক নীলকণ্ঠ গোহাঞি বৰুৱা ।

লখিমপুৰত পৌৰসভাৰ বিৰুদ্ধে বৰেণ্য সাহিত্যিকক অপমান কৰাৰ অভিযোগ

এইগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা চাবতি সংযোগী তিনি কিল’মিটাৰ দৈৰ্ঘৰ পথটো নামকৰণ কৰা হৈছিল । ২০০২ চনত পৌৰসভা আৰু জিলা প্ৰশাসনৰ নিৰ্দেশক্ৰমে এই পথটো সাহিত্যিকগৰাকীৰ নামেৰে নামকৰণ কৰি ফলক স্থাপনৰ অনুমতি দিয়া হৈছিল । সেইমৰ্মে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে স্থায়ী ফলক স্থাপন কৰা হয় ।

নীলকণ্ঠ গোহাঞি বৰুৱাক অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ আদি ব্যক্তি হিচাপে গণ্য কৰা হয় ৷ সম্প্ৰতি এইগৰাকী প্ৰথিতযশা সাহিত্যিকক লখিমপুৰত অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ লখিমপুৰ পৌৰসভাই সাহিত্যিকগৰাকীৰ নামত নামাকৰণ কৰা পথটো আন এক নামেৰে নামাকৰণ কৰাত সৰৱ হৈ পৰিছে অঞ্চলটোৰ একাংশ সচেতন ৰাইজ ৷

complain against municipal board
লখিমপুৰত পৌৰসভাৰ বিৰুদ্ধে বৰেণ্য সাহিত্যিকক অপমান কৰাৰ অভিযোগ

লখিমপুৰ পৌৰসভাই কেইদিনমান পূৰ্বে প্ৰথিতযশা সাহিত্যিকগৰাকীৰ নাম ফলকৰ সমীপতে পথটো ৰঙাজান পথ বুলি অন্য এখন ফলক স্থাপন কৰে । এই নাম ফলকক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে নাগৰিক সমাজ । বৰেণ্য সাহিত্যিকগৰাকীক পৌৰসভাই অপমান কৰা বুলি ক্ষোভ ব্যক্ত কৰি পৌৰসভাক ধিক্কাৰ দিয়াৰ লগতে নতুন ফলকখন আঁতৰাই পেলাবলৈও পৌৰসভাক দাবী জনায় স্থানীয় লোকসকলে ।

পৌৰসভাই শীঘ্ৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আইনৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিয়ে ৰাইজে । অঞ্চলটোৰ লোকসকলে বৰেণ্য সাহিত্যিকগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷

লগতে পঢ়ক : গৰুখুটিৰ হিংসাত্মক ঘটনাত আৰক্ষীসহ আহত 11 গৰাকী GMCH ত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.