ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

author img

By

Published : Aug 4, 2021, 8:43 AM IST

ইশান উদয় ছাত্ৰ বৃত্তি দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ চমুকৈ 'আমছু'ৰ ৷ এজন ছাত্ৰৰ নামত 10 বাৰকৈ ধন উলিয়াই দিয়াৰ অভিযোগ আমছুৰ সভাপতিগৰাকীৰ ৷

AAMSU accused of corruption in the name of 'Ishan Uday Scholarship'
মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম চৰকাৰ

চিৰাং, 4 আগষ্ট : কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰা ' ইশান উদয় বিশেষ ছাত্ৰ বৃত্তি' (Ishan Uday Special Scholarship)নামত ৰাজ্যত চলিছে ব্যাপক অনিয়ম ৷ একাংশ বিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যক্ষই এই বৃত্তি প্ৰদানৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ সদৌ অসম মুছলিম ছাত্ৰ সন্থা চমুকৈ 'আমছু'ৰ (AAMSU) । আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই সন্দৰ্ভত সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

তেওঁ অভিযোগ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে প্ৰদান কৰি আহিছে ' ইশান উদয় বিশেষ ছাত্ৰ বৃত্তি' (Scholarship)। উল্লেখ্য যে, চলিত বৰ্ষত এই বৃত্তি অসমৰ প্ৰায় ৫৪১৭ গৰাকী ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হৈছে । কিন্তু জানি আঁচৰিত হ'ব যে এই বৃত্তি লাভ কৰা ৩০০০ ছাত্ৰ-ছাত্ৰীক ভুৱাকৈ এই তালিকাত অন্তৰ্ভক্ত কৰা হৈছে বুলি গুৰুতৰ অভিযোগ তুলিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়ক - পানী যোগান আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

অভিযোগ অনুসৰি, বহু ছাত্ৰ-ছাত্ৰীৰ নাম বাৰে বাৰে ছাত্ৰ বৃত্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত এই স্কলাৰশ্বিপ পোৱা তালিকাত সন্নিবিষ্ট আবুল বাচাৰ নামৰ ছাত্ৰ জনৰ নাম তালিকাত ১০ বাৰ প্ৰকাশ পাইছে অৰ্থাৎ এজন ছাত্ৰক ১০ বাৰ প্ৰদান কৰা হৈছে ৫৪০০০.০০কৈ টকা।

AAMSU accused of corruption in the name of 'Ishan Uday Special Scholarship'
ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা

কেৱল সেয়াই নহয়, বৃত্তি প্ৰদান কৰা কলেজসমূহক লৈও ব্যাপক জালিয়াতি চলাৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউ কৰিম চৰকাৰৰ। বৃত্তি প্ৰদান কৰা বহু লোকৰ নাম ঠিকনাক লৈও বহু খেলি-মেলি দেখা গৈছে বুলি দাবী কৰে আমছুৰ সভাপতি জনে। তালিকা খনত বহু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ পিতৃক আকৌ দেখুওৱা হৈছে হিন্দু বুলিহে । মুঠৰ ওপৰত চৰকাৰে প্ৰকাশ কৰা ইশান উদয় ছাত্ৰবৃত্তিৰ তালিকাত ব্যাপক খেলি মেলি দেখা গৈছে ৷

AAMSU accused of corruption in the name of 'Ishan Uday Special Scholarship'
ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা

এই সমগ্ৰ ঘটনাটোক এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে আহ্বান জনাইছে ৷ শীঘ্ৰেই এই ছাত্ৰ বৃত্তি প্ৰদানৰ নামত যি সকল লোকে দুৰ্নীতি কৰিছে, সেইসকল লোকক উচিত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে ৷

AAMSU accused of corruption in the name of 'Ishan Uday Special Scholarship'
ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা

অৱশ্যে ইয়াৰ পূৰ্বে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ৰাজ্যত চলা দুৰ্নীতিৰ বিষয়টোও আমছুৱে পোহৰলৈ আনিছিল ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতেই চৰকাৰে কঠোৰ পদক্ষেপ লৈছিল ৷ ঠিক তেনেদৰে ইশান উদয় ছাত্ৰবৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ ক্ষেত্ৰতো চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাবাদী সংগঠনটোৰ সকলো কৰ্ম-কৰ্তা ৷

লগতে পঢ়ক- HSLC ৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.