ETV Bharat / state

পানী যোগান আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 4, 2021, 6:51 AM IST

পাহাৰীয়া জিলা ডিমা হাছাওত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত খোৱা পানী যোগান প্ৰকল্প নিৰ্মানৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ এসপ্তাহৰ ভিতৰত এই সমগ্ৰ ঘটনাৰ তদন্ত ন’হলে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰৰ ৷

asc-dima hasao_water supply secam-visul_ AS10034
ডিমা হাছাওত বিদ্যালয়ত পানী যোগান আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ডিমা হাছাও, 4 আগষ্ট : সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাত নিম্ন প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানীৰ প্ৰকল্পত এক বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য তথা বিৰোধী নেতা ডেনিয়েল লাংথাচাই । এইবাৰ শিক্ষা বিভাগত হোৱা এই দুৰ্নীতি লৈ শাসক বিৰোধী দলৰ মাজত আৰম্ভ হৈছে তীব্ৰ-বাকযুদ্ধ ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্ৱে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহী সদস্য চেমুয়েল চাংছনে কংগ্ৰেছ নেতাই উত্থাপন কৰা এই দুৰ্নীতিৰ তদন্তৰ বাবে হাফলং সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল । তাৰ মাজতে সমগ্ৰ ঘটনাটোৰ পথ পৰিৰ্ৱতন ঘটাই মঙলবাৰে এই দুৰ্নীতিৰ অভিযোগ লৈ হাফলং থানাত আন এটা গোচৰ ৰুজু কৰে সমাজকৰ্মী অচিং জেমিয়ে ।

অচিং জেমিয়ে ৰুজু কৰা গোচৰটোত উল্লেখ কৰে যে, সৰ্বশিক্ষা অভিযানৰ অধীনত পাহাৰীয়া জিলাখনৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানীৰ প্ৰকল্পত বৃহৎ দুৰ্নীতি হোৱা বুলি পৰিষদৰ কংগ্ৰেছ সদস্যই সামাজিক মাধ্যমত সৰৱ হৈ উঠিছিল ৷

ডিমা হাছাওত বিদ্যালয়ত পানী যোগান আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়কঃ লাভলীনালৈ শুভেচ্ছা নলবাৰী Amateur Boxing Association ৰ

তাৰ পাছতে তেওঁ নিজে জিলাখনৰ কেইখনমান বিদ্যালয়ত উপস্থিত হৈ কাৰমৰ নমুনা প্ৰত্যক্ষ কৰে ৷ এই প্ৰকল্পত কোনো ধৰণৰ কাম হোৱা নাই যাৰ বাবে তেওঁ এই দুৰ্নীতিৰ তদন্তৰ বাবে হাফলং সদৰ থানাত এটা গোচৰ ৰুজু কৰে । তেওঁ আৰু কয় যে, সৰ্বশিক্ষাৰ অধীনত ডিমা হাছাও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰাৰ 4 লাখ 50 হাজাৰ টকা কৰি প্ৰদান কৰা হৈছিল ।

ইপিনে প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰৰ অভিযোগ সৰ্বশিক্ষা অভিযানৰ অধীনত ডিমা হাছাও জিলাৰ 198 খন নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানী যোগান প্ৰকল্পত 4 লাখ 50 হাজাৰ টকা কৈ মুঠ 8 কোটি 91 লাখ টকা দিয়া হৈছিল ৷ চৰকাৰীভাৱে দেখুওৱা হৈছে এই খোৱা পানী যোগান প্ৰকল্পৰ 50 শতাংশ কাম সম্পূৰ্ণ হৈছে । কিন্তু প্ৰকৃতাৰ্থত এই আঁচনিৰ নামত কোনোধৰণৰ কাম হোৱা নাই বুলি প্ৰাক্তন বিধায়ক গৰাকীয়েও অভিযোগ উত্থাপন কৰিছে ।

asc-dima hasao_water supply secam-visul_ AS10034
ডিমা হাছাওত বিদ্যালয়ত পানী যোগান আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

আগন্তুক এসপ্তাহৰ ভিতৰত এই সমগ্ৰ ঘটনাৰ তদন্ত ন’হলে তেওঁ ডিমা হাছাও জিলাৰ প্ৰতিটোব্লকৰ অধীনত থকা আৰক্ষী থানাত সৰ্বশিক্ষা অভিযানৰ জিলা প্ৰজেক্ট ইঞ্জিনীয়াৰ জিলা মিছন কৰ্ডিনেটৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি সকীয়াই দিয়ে সমৰজিত হাফলংবাৰে ৷ লগতে এই বিয়াগোম কেলেংকাৰী সন্দৰ্ভত এন্টি কৰাপচন বিভাগ আৰু মুখ্যমন্ত্ৰী ভিজিলেন্স চেলতো গোচৰ ৰুজু কৰা হ’ব বুলি জনায় ।

লগতে পঢ়কঃ অন্য দলক নিঃশেষৰ এজেণ্ডা আছে নেকি বুলি কংগ্ৰেছক কটাক্ষ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.