ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 25, 2021, 10:59 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি
11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

কিয় পালন কৰা হয় World Pharmacist Day ?

আমাৰ জীৱনত ফাৰ্মাচিষ্টসকলৰ ভূমিকাক সন্মান প্ৰদৰ্শনৰ অৰ্থে প্ৰতি বছৰে 25 ছেপ্তেম্বৰৰ দিনটো বিশ্ব ফাৰ্মাচিষ্ট দিৱস হিচাপে পালন কৰা হয় ৷ বিশ্ব ফাৰ্মাচিষ্ট দিৱস 2021-ৰ বিষয়বস্তু হৈছে "ফাৰ্মাচী: সদায় আপোনাৰ স্বাস্থ্যৰ বাবে বিশ্বাসযোগ্য" ৷

থাওৰাত কংগ্ৰেছ-বিজেপিৰ দুৰ্নীতিৰ তদন্ত কৰা হ'ব : অখিল গগৈ

থাওৰা দখলৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক লগত লৈ প্ৰতিদিনে সমষ্টিটোত কেইবাখনো প্ৰচাৰ সভাত অংশ লৈছে অখিল গগৈয়ে ৷


মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী-অংগনবাদী কৰ্মীৰ প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । আঁচনিভুক্ত কৰ্মচাৰী অৰ্থাৎ অংগনবাদী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

হতাশাত ভূগিছে ৰাজীৱ লোচন পেগুৱে !

হতাশাত ভূগিছে মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু ৷ যাৰ বাবে দলৰ পৰা কিছু আঁতৰত আছে ৷ ইতিপূৰ্বে দুবাৰকৈ নিৰ্বাচনত পৰাজিত হৈছে কংগ্ৰেছৰ নেতাগৰাকী, যাৰ বাবে ভূগিছে হতাশাত ৷ সেয়ে বিপদৰ সময়তো মাজুলীবাসীক এষাৰো মাত দিয়া নাই মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অপূৰ্ব ভট্টাচার্যই ৷

পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

ছিপাঝাৰ কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে । চিৰাঙৰ কাজলগাঁৱত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিগৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী জনায় ।

UPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ

শুকুৰবাৰে ঘোষিত ভাৰতীয় লোকসেৱা আয়োগৰ 2020 বৰ্ষৰ চূড়ান্ত ফলাফলত 283 তম স্থান লাভ কৰিছে হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীয়ে ৷ ইয়াৰ উপৰিও 97 তম স্থান লাভ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যই ৷

ৰাজস্থানত উদ্ধাৰ ধুবুৰীৰ কিশোৰী; ডেৰবছৰ পূৰ্বে কৰা হৈছিল অপহৰণ

ৰাজস্থানত উদ্ধাৰ অসমৰ পৰা অপহৃত কিশোৰী ৷ ধুবুৰীৰ পৰা ডেৰ বছৰ পূৰ্বে কৰা হৈছিল অপহৰণ ৷ ৰাজস্থানৰ বাড়মেৰ জিলাত হিন্দু ৰীতি অনুসৰি বিয়া পাতি দিয়া হৈছিল ৷ আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা ৷

গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত উত্তাল প্ৰতিবাদ আশা-অংগবাদী কৰ্মীৰ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । আঁচনিভুক্ত কৰ্মচাৰী অৰ্থাৎ অংগৱাদী কৰ্মী সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম জাতীয় বিদ্যালয় সমীপৰ কণিকা এপাৰ্টমেণ্টত ড্ৰাগছৰ বেহা !

মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় সমীপৰে কণিকা এপাৰ্টমেণ্টত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অকল ইমানেই নহয় বিভিন্ন সময়ত নানা অসামাজিক কাৰ্যকলাপো সংঘটিত হৈছে এই এপাৰ্টমেন্টটোত ৷ এই অভিযোগ আমাৰ নহয় সাংবাদমাধ্যমৰ আগত এই অভিযোগ দাঙি ধৰিছে খোদ এপাৰ্টমেণ্টৰ আবাসীয়ে ৷

ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ; AIUDF এৰিলে মামুন ইমদাদুলে

নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱা আৰু নাওবৈচা বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে নিজ নিজ দলৰ পৰা পদত্যাগ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.