ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ; AIUDF এৰিলে মামুন ইমদাদুলে

author img

By

Published : Sep 24, 2021, 7:00 PM IST

ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ: এআইইউডিএফ এৰিলে মামুন ইমদাদুলে

নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱা আৰু নাওবৈচা বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে নিজ নিজ দলৰ পৰা পদত্যাগ কৰিছে ৷

গুৱাহাটী,24 ছেপ্তেম্বৰ : অৱশেষত দুজনকৈ প্ৰাক্তন বিধায়কে শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দল ত্যাগ কৰিলে । এই দুই প্ৰাক্তন বিধায়ক হ'ল ডাঃ দূৰ্লভ চমুৱা আৰু মামুন ইমদাদুল হক চৌধুৰী ।

নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱাই আজি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

আনহাতে নাওবৈচা বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে আজি ত্যাগ কৰে বদৰুদ্দিন আজমলৰ দল । প্ৰাক্তন বিধায়ক গৰাকীয়ে আজি এআইইউডি এফৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি দলৰ সভাপতি বদৰুদ্দিন আজমললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

মনকৰিবলগীয়া যে, বিগত বিধানসভা নিৰ্বাচনত ডাঃ চমুৱা আৰু ইমদাদুল হক চৌধুৰী উভয়কে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছিল কংগ্ৰেছ আৰু এআইইউ‌ডিএফে ।

লগতে পঢ়কঃ শিৱসাগৰত পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাৰ মৃত্যু দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.