কিয় পালন কৰা হয় World Pharmacist Day ?

author img

By

Published : Sep 25, 2021, 9:20 AM IST

World Pharmacist Day 2021

আমাৰ জীৱনত ফাৰ্মাচিষ্টসকলৰ ভূমিকাক সন্মান প্ৰদৰ্শনৰ অৰ্থে প্ৰতি বছৰে 25 ছেপ্তেম্বৰৰ দিনটো বিশ্ব ফাৰ্মাচিষ্ট দিৱস হিচাপে পালন কৰা হয় ৷ বিশ্ব ফাৰ্মাচিষ্ট দিৱস 2021-ৰ বিষয়বস্তু হৈছে "ফাৰ্মাচী: সদায় আপোনাৰ স্বাস্থ্যৰ বাবে বিশ্বাসযোগ্য" ৷

নিউজ ডেস্ক, 25 ছেপ্তেম্বৰ : প্ৰতি বছৰে বিশ্বত 25 ছেপ্তেম্বৰৰ দিনটো World Pharmacist Day হিচাপে পালন কৰা হয় ৷ আমাৰ জীৱনত ফাৰ্মাচিষ্টসকলৰ ভূমিকাক সন্মান প্ৰদৰ্শনৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷ ইণ্টাৰনেশ্যনেল ফাৰ্মাচিউটিকেল ফেডৰেছনে এই দিৱসটি পোনপ্ৰথমবাৰৰ বাবে পালন কৰিছিল ৷

আমি ফাৰ্মাচী আৰু ফাৰ্মাচিষ্টসকলৰ অবিহনে এই বিশ্বৰ কল্পনা কৰাটো অসম্ভৱ ৷ প্ৰত্যেকেই জীৱনৰ কোনো সময়ত ফাৰ্মাচিষ্টৰ সহায় ল’বই লাগে ৷ প্ৰাচীন কালত বিভিন্ন ধৰ্মীয় গ্ৰন্থত চিকিৎসাৰ জ্ঞান উপলব্ধ আছিল ৷ চিকিৎসা ক্ষেত্ৰত অৰ্থাৎ ফাৰ্মাচিষ্টসকল সদায়ে মানৱ জাতিৰ জীৱনৰ অভিন্ন অংশ হিচাপে পৰিগণিত হৈ আহিছে ৷ সেয়ে 25 ছেপ্তেম্বৰৰ দিনটো চিকিৎসা সেৱাৰ বাবে উৎসৰ্গিত কৰা হৈছে ৷

World Pharmacist Day 2021
বিশ্ব ফাৰ্মাচিষ্ট দিৱস

আমি প্ৰায়ে ফাৰ্মাচিষ্টসকলৰ অৱদানক উপেক্ষা কৰো ৷ কিন্তু কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ সময়ত সকলোৱে বুজি পাইছে যে ইয়াৰ অবিহনে মানুহৰ জীৱন কল্পনা কৰাটো কিমান কঠিন ৷ সেয়েহে, ফাৰ্মাচিষ্টৰ সৈতে সম্পৰ্কিত সকলো লোকক সন্মান, প্ৰচাৰ আৰু উৎসাহ দিয়াটো আমাৰ কৰ্তব্য ৷

বিশ্ব ফাৰ্মাচিষ্ট দিৱস 2021 ৰ বিষয়বস্তু

বিশ্ব ফাৰ্মাচিষ্ট দিৱস 2021-ৰ বিষয়বস্তু হৈছে "ফাৰ্মাচী: সদায় আপোনাৰ স্বাস্থ্যৰ বাবে বিশ্বাসযোগ্য" ৷ বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ বাবে এই বিষয়বস্তু বাছনি কৰাৰ আঁৰত বহুতো গভীৰ কাৰণ আছে ৷ এই সকলোবোৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৷ বিশ্বাস হৈছে প্ৰতিটো সম্পৰ্কৰ আধাৰ, সেয়া লাগিলে ব্যক্তিগত সম্পৰ্ক অথবা পেছাদাৰী সম্পৰ্ক হওক ৷

World Pharmacist Day 2021
বিশ্ব ফাৰ্মাচিষ্ট দিৱস

একেদৰে ফাৰ্মাচিষ্ট আৰু ৰোগীৰ মাজত বিশ্বাসৰ এক সম্পৰ্ক আছে ৷ কেৱল যেতিয়া আপুনি কাৰোবাক বিশ্বাস কৰে, তেতিয়াহে আপুনি তেওঁলোকৰ সৈতে কথাবোৰৰ আদান-প্ৰদান কৰে ৷ কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ সময়ত সকলো ঠাইৰ মানুহে স্থানীয় চিকিৎসা সেৱাৰ লগত জড়িত লোকে আগবঢ়োৱা পৰামৰ্শৰ ওপৰত অন্ধভাৱে নিৰ্ভৰ কৰিছে ৷ অৰ্থাৎ স্বাস্থ্য কৰ্মীসকলৰ ৰোগীৰ সৈতে গভীৰ বিশ্বাসৰ সম্পৰ্ক আছে ৷

বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ ইতিহাস

বিশ্ব ফাৰ্মাচিষ্ট দিৱস কিয় 25 ছেপ্টেম্বৰত উদযাপন কৰা হয় ? ইয়াৰ আঁৰৰ কাৰণ হৈছে যে আন্তৰ্জাতিক ফাৰ্মাচিউটিকেল ফেডাৰেচন (FIP) 1912 চনৰ 25 ছেপ্তেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল ৷ এয়া ফাৰ্মাচিষ্ট আৰু ঔষধ বিজ্ঞানীসকলৰ ৰাষ্ট্ৰীয় সংগঠনৰ এক গোলকীয় সংগঠন ৷ 2009 চনত তুৰস্কৰ ইস্তানবুলত FIP পৰিষদে প্ৰস্তাৱ দিছিল যে, ফাৰ্মাচী খণ্ডৰ প্ৰচাৰ, উৎসাহ আৰু সন্মান প্ৰদৰ্শনৰ অৰ্থে প্ৰতি বছৰে 25 ছেপ্তেম্বৰৰ দিনটো ফাৰ্মাচিষ্ট দিৱস হিচাপে পালন কৰিব লাগে ৷ কাৰণ উক্ত দিনটোতে আন্তৰ্জাতিক ফাৰ্মাচিউটিকেল ফেডাৰেচন প্ৰতিষ্ঠা কৰা হৈছিল ৷ সেয়ে ২০০৯ চনৰ পৰা প্ৰতি বছৰে ২৫ ছেপ্তেম্বৰৰ দিনটো বিশ্ব ফাৰ্মাচিষ্ট দিৱস পালন কৰা হয় ৷

লগতে চাওক: UPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.