UPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ

author img

By

Published : Sep 25, 2021, 7:15 AM IST

UPSC mains results: Assam's Hassanujjaman Choudhury secured 283 rank

শুকুৰবাৰে ঘোষিত ভাৰতীয় লোকসেৱা আয়োগৰ 2020 বৰ্ষৰ চূড়ান্ত ফলাফলত 283 তম স্থান লাভ কৰিছে হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীয়ে ৷ ইয়াৰ উপৰিও 97 তম স্থান লাভ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যই ৷

নিউজ ডেস্ক, 25 ছেপ্তেম্বৰ : শুকুৰবাৰে ঘোষণা কৰা হয় ভাৰতীয় লোকসেৱা আয়োগৰ (UPSC) 2020 অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ৷ আয়োগে এইবাৰ মুঠ ৭৬১ জন প্ৰাৰ্থী নিযুক্তিৰ পৰামৰ্শ দিছে । শুভম কুমাৰে এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে ।

UPSC mains results: Assam's Hassanujjaman Choudhury secured 283 rank
UPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ

আনহাতে, চূড়ান্ত ফলাফলত 283 নম্বৰ স্থান লাভ কৰিছে হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীয়ে ৷ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক ৷ তেওঁৰ পিতৃৰ নাম জাকিৰ আহমেদ চৌধুৰী ৷

ইয়াৰ উপৰিও চূড়ান্ত ফলাফলত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যয়ো লাভ কৰিছে 97 তম স্থান ৷ UPSCয়ে এইবাৰ বাছনি কৰা মুঠ প্ৰাৰ্থীৰ ভিতৰত 545 গৰাকী পুৰুষ আৰু 216 গৰাকী মহিলা ৷

লগতে পঢ়ক : উচ্ছেদ হ’বই, কংগ্ৰেছে কাপোৰ ফালিলে মই ভয় কৰা বিধৰ নহয় : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.