থাওৰাত কংগ্ৰেছ-বিজেপিৰ দুৰ্নীতিৰ তদন্ত কৰা হ'ব : অখিল গগৈ

author img

By

Published : Sep 25, 2021, 10:41 AM IST

Akhil Gogoi talking about corruption of Thowra

থাওৰা দখলৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক লগত লৈ প্ৰতিদিনে সমষ্টিটোত কেইবাখনো প্ৰচাৰ সভাত অংশ লৈছে অখিল গগৈয়ে ৷

মৰাণ, 25 ছেপ্টেম্বৰ : উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও থাওৰা সমষ্টিত প্ৰচাৰ তুংগত কৰি তুলিছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে । ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক লগত লৈ অখিল গগৈয়ে প্ৰতিদিনে সমষ্টিটোত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি থাওৰাত ৰাইজৰ দলক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি বিগত সময়ত চৰকাৰে উন্নয়নৰ নামত থাওৰাত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ তোলে ৷ তদুপৰি চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে গগৈয়ে ৷ অখিল গগৈয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰচাৰ চলাইছে বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি ৷ কিন্তু থাওৰা সমষ্টিৰ প্ৰতিটো বিভাগতে ভয়ানক দুৰ্নীতি সংঘটিত হৈছে ।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ

থাওৰাত বিশেষকৈ বৰ্তমানৰ বিজেপি, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পঞ্চায়তৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে । ইয়াত থকা ক্ৰিকেট ষ্টেডিয়ামখনক লৈ বিজেপি চৰকাৰে দুৰ্নীতি কৰাৰ অভিযোগ কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷

ষ্টেডিয়ামখনৰ নামত যদি এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুঁজি আৱণ্টন দিছে, আনবাৰ আকৌ ক্ৰীড়ামন্ত্ৰীয়ে পুঁজি মোকলাই দিছে ৷ কিন্তু এতিয়ালৈ ষ্টেডিয়ামখনৰ উন্নয়নৰ ক্ষেত্ৰতহে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ অখিল গগৈয়ে এইবাৰ থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী জয় হোৱাৰ পাছত এই দুৰ্নীতিৰ উচিত তদন্ত কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : গৰুখুটিৰ হিংসাত্মক ঘটনাত আৰক্ষীসহ আহত 11 গৰাকী GMCH ত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.