মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী-অংগনবাদী কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Sep 25, 2021, 9:58 AM IST

Mid day meal workers protest at Chirang

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । আঁচনিভুক্ত কৰ্মচাৰী অৰ্থাৎ অংগনবাদী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

চিৰাং, 25 ছেপ্তেম্বৰ : সদৌ অসম মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী সন্থা আৰু অংগনবাদী কৰ্মী-সহায়িকাই নায্য প্ৰাপ্তিৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিৰাং জিলাৰ কাজলগাঁৱত মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী আৰু অংগনবাদী কৰ্মী-সহায়িকাসকলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

Mid day meal workers protest at Chirang
চিৰাঙৰ প্ৰতিবাদ

জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা সহস্ৰাধিক মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী আৰু অংগনবাদী কৰ্মী-সহায়িকাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ কাজলগাঁও বজাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা এক সমদল উলিয়ায় ৷

Mid day meal workers protest at Chirang
চিৰাঙৰ প্ৰতিবাদ

এই সমদলটো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ যোগকেন্দ্ৰত সমবেত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে সকলো আঁচনিভুক্ত শ্ৰমিকক নুন্যতম দৰমহা মাহিলি ২১,০০০ টকা আৰু মাহিলী ১০,০০০ টকা পেঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । তদুপৰি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন পোন্ধৰ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : প্ৰতিবাদী আছু কৰ্মীৰ শ্লোগানেৰে উত্তাল বৰমাৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.