হতাশাত ভূগিছে ৰাজীৱ লোচন পেগুৱে !

By

Published : Sep 25, 2021, 10:19 AM IST

thumbnail

হতাশাত ভূগিছে মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু ৷ যাৰ বাবে দলৰ পৰা কিছু আঁতৰত আছে ৷ ইতিপূৰ্বে দুবাৰকৈ নিৰ্বাচনত পৰাজিত হৈছে কংগ্ৰেছৰ নেতাগৰাকী, যাৰ বাবে ভূগিছে হতাশাত ৷ সেয়ে বিপদৰ সময়তো মাজুলীবাসীক এষাৰো মাত দিয়া নাই মাজুলীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অপূৰ্ব ভট্টাচার্যই ৷ আনকি ভট্টাচাৰ্যই কয় যে, আজিৰ দিনত কংগ্ৰেছৰ মাজুলীৰ সেনাপতিগৰাকী কিছু ভাগৰুৱা হৈছে, সেয়ে নতুন সেনাপতি জন্ম দিব সৈনিকে । উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ প্ৰসংগত অপূৰ্ব ভট্টাচাৰ্যই কয় যে, এইপৰ্যন্ত ৰাজীৱ লোচন পেগুৱে উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি কোনো ধৰণৰ যোগাযোগ কৰা নাই দলক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.