পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

By

Published : Sep 25, 2021, 9:15 AM IST

thumbnail

ছিপাঝাৰ কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে । চিৰাঙৰ কাজলগাঁৱত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিগৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী জনায় । আব্দুল আৱাল মণ্ডলে ছিপাঝাৰত চৰকাৰে সংখ্যালঘু লোকক উচ্ছেদৰ নামত অমানুষিকভাৱে হত্যা কৰি আছে বুলি অভিযোগ কৰে । আৰক্ষীয়ে ইচ্ছা কৰিলে লাঠী লৈ অহা লোকজনক ধৰিব পাৰিলেহেঁতেন বুলি মণ্ডলে মন্তব্য কৰে ৷ তদুপৰি লোকজনক ধৰাৰ পৰিৱৰ্তে গুলীয়াই হত্যা কৰা বুলি অভিযোগ তোলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.