ৰাজস্থানত উদ্ধাৰ ধুবুৰীৰ কিশোৰী; ডেৰবছৰ পূৰ্বে কৰা হৈছিল অপহৰণ

author img

By

Published : Sep 24, 2021, 8:24 PM IST

National Child Protection Unit

ৰাজস্থানত উদ্ধাৰ অসমৰ পৰা অপহৃত কিশোৰী ৷ ধুবুৰীৰ পৰা ডেৰ বছৰ পূৰ্বে কৰা হৈছিল অপহৰণ ৷ ৰাজস্থানৰ বাড়মেৰ জিলাত হিন্দু ৰীতি অনুসৰি বিয়া পাতি দিয়া হৈছিল ৷ আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা ৷

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ : ডেৰবছৰ পূৰ্বে অসমৰ ধুবুৰী জিলাৰ এগৰাকী বিশেষ সম্প্ৰদায়ৰ নাবালিকাক ৰাজস্থানৰ বাড়মেৰ জিলাত হিন্দু ৰীতি অনুসৰি বিয়া পাতি দিয়া হৈছিল ৷ দুবছৰ পাচত ভুক্তভোগী নাবালিকাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান ৷ আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা ৷ দৰাচলতে, নাবালিকা গৰাকীক দিল্লীত বিক্ৰী কৰা হৈছিল ৷ সম্প্ৰতি শিশু কল্যাণ সমিতিৰ সহায়ত বাড়মেৰ আৰক্ষীয়ে নাবালিকাৰ গৰাকীৰ বক্তব্য ভিত্তিত পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছে ৷

আনহাতে, ছোৱালীজনী নাবালিকা আৰু আন ধৰ্মৰ বুলি জানিব পৰাৰ লগে লগে তেওঁৰ স্বামী গৃহত হাহাকাৰ লাগে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনৰ গোচৰ ৰুজু কৰি সোধ-পোচ আৰম্ভ কৰিছে ৷

বাড়মেৰৰ আৰক্ষী অধীক্ষক আনন্দ শৰ্মাই জনোৱা মতে, কেন্দ্ৰীয় শিশু সুৰক্ষা গোটৰ পৰা অসমৰ ধুবুৰী জিলাৰ এগৰাকী নাবালিকাক অপহৰণ কৰি আনি দিল্লীত বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ নাবালিকাগৰাকীক বাড়মেৰ জিলাৰ বায়টু থানাৰ অন্তৰ্গত হুড্ডুৰ ঢাণী অঞ্চলত এজন যুৱকৰ সৈতে বিয়া কৰাই দিয়া হৈছিল ৷ ইয়াৰ পাচতে বায়টু থানাৰ আৰক্ষী বিষয়া ললিত কুমাৰে অনুসন্ধান চলাই যুৱকজনৰ গাঁৱত উপস্থিত হয় ৷

আৰক্ষীক দেখাৰ লগে লগে নাবালিকা গৰাকীয়ে সমগ্ৰ ঘটনাৰ আদ্যোপান্ত বিবৰি কয় ৷ আৰীয়ে নাবালিকা গৰাকীৰ সমস্ত বক্তব্য শিশু কল্যাণ সমিতিক দাখিল কৰে ৷ 2020 চনৰ জানুৱাৰী মাহতে অসমৰ ধুবুৰী জিলাৰ পৰা নিজৰ বন্ধুৰ কোনো কামৰ বাবে ওলাই গৈছিল কিশোৰীগৰাকী ৷ আধা বাটতে নিচাযুক্ত দ্ৰব্য খুৱাই দিল্লীলৈ লৈ অনা হৈছিল আৰু বাড়মেৰত বিক্ৰী কৰা হৈছিল ৷ তাৰোপৰি নাবালিকাগৰাকীক বিয়াও কৰাই দিয়া হৈছিল ৷

নিজৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাইছিল কিশোৰীগৰাকীয়ে ৷ কিন্তু স্বামীগৃহৰ সদস্যই কোনো প্ৰকাৰে যোগাযোগ কৰিবলৈ দিয়া নাছিল ৷ অৱশেষত প্ৰায় ডেৰ বছৰৰ অন্তত উদ্ধাৰ হ’ল কিশোৰীগৰাকী ৷

লগতে পঢ়ক : তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰকল্পৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ এক লাখ কোটি টকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.