ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 11, 2022, 7:05 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam Police reshuffle : অসম আৰক্ষীৰ এপিএছ পৰ্যায়ত পদোন্নতিসহ বৃহৎ ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদ-বদল (Reshuffle in Assam Police)। অসম আৰক্ষীৰ ৪৩ গৰাকী বিষয়াক ৰদ-বদল কৰাৰ লগতে পদোন্নতি দিয়া হৈছে । শুকুৰবাৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক নিৰ্দেশ জাৰী কৰে ।

SFI and DYFI protest in Guwahati : ৮ হাজাৰ শিক্ষক পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীত গুৱাহাটীত উত্তাল প্ৰতিবাদ

গুৱাহাটীত শুকুৰবাৰে এছএফআই আৰু ডিৱাইএফয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা আঠ হেজাৰ শিক্ষকৰ পদ বিলুপ্তিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সংগঠন দুটাই এই বিক্ষোভ কাৰ্সূযচী গ্ৰহণ কৰে (Assam govt decision of abolish 8000 teachers post)৷

Shoe thieves terror in trains : চলন্ত ৰে'লত জোতা চোৰৰ সন্ত্ৰাস; যাত্ৰীয়ে দিলে গোচৰ

বিহাৰৰ মুজাফ্ফৰপুৰ ৰে'ল আৰক্ষী থানাত জোতা চুৰিৰ এক গোচৰ ৰুজু হৈছে (Shoe stolen in train in Muzaffarpur)। অভিযোগ অনুসৰি চলন্ত ৰে'লত বিহাৰৰ এগৰাকী যাত্ৰীৰ জোতা চুৰি হৈছে । আৰক্ষীয়ে জোতা চোৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ।

Arati Turi Murder Case : CIDৰ কাৰ্যালয়ত অভিযুক্তক সাক্ষাৎ কৰি চৰ্চাত বিধায়ক প্ৰশান্ত ফুকন

ৰাজ্য কঁপাই যোৱা ধূলাৰ কিশোৰী হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে CIDয়ে (Arati Turi Murder Case)। এই ঘটনাৰ লগত জড়িত বহুকেইজনক ইতিমধ্যে আটক কৰিছে CIDৰ দলে । ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন CID কাৰ্যালয়ত প্ৰবেশ কৰি এই ঘটনাৰ লগত জড়িত হৈ আটক হোৱা কোনো এজন লোকৰ সৈতে মিলিত হোৱাৰ খবৰ পোৱা গৈছে (MLA Prasanta Phukan at CID office)।

Nawada suicide case : বিহপান কৰি আত্মহত্যা একেটা পৰিয়ালৰ পাঁচজনৰ

ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল'লে এটা পৰিয়ালে (Nawada suicide case)। বিহপান কৰাৰ ফলত একেটা পৰিয়ালৰে ৫ গৰাকী সদস্যৰ মৃত্যু । সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন এজন ।

Wild Elephant terror: গোলাঘাটৰ উদয়ন চাহ বাগিচাত দিনৰ ভাগতে বন্যহস্তীৰ উপদ্ৰৱ

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত(Man Elephant conflict in Assam) । বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবেই আৰ্থিক দৈন্যতাত ভূগিছে এটা অঞ্চলৰ সাধাৰণ জনতাই (Man elephant conflict in Golaghat) ৷ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা আৰু ভঁৰালৰ ধান খাই তহিলং কৰিছে বন্যহস্তীয়ে (Wild Elephant Terror at Golaghat) ৷

Tiger menace at Basistha : পুৱাই বশিষ্ঠত উদ্ধাৰ লতামাকৰিৰ পোৱালি

শুকুৰবাৰে পুৱাই মহানগৰীৰ বশিষ্ঠৰ পাটৰকুচি লেছিয়া নগৰত বাঘৰ আতংক (Tiger menace at Basistha) ৷ জংঘল চাফা কৰি থকা অৱস্থাত অঞ্চলটোৰ এজন ব্যক্তিয়ে বাঘৰ এটা পোৱালি কুঁৱাত পৰা প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ব্যক্তিগৰাকীয়ে খবৰ দিয়ে বন বিভাগৰ লোকক ৷ বন বিভাগৰ লগতে আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত কুঁৱাৰ পৰা সুকলমে বাঘৰ পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

Birth anniversary of Lachit Borphukan: লাচিত বৰফুকনৰ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে তেজপুৰত ব্যাপক কাৰ্যসূচী(400th birth anniversary of lachit borphukan) । লাচিত বৰফুকনৰ বিষয়ে শিক্ষানুষ্ঠানত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য়ে অনুষ্ঠিত কৰে ‘‘জাতিৰ বাবে ৩০ মিনিট’’ শীৰ্ষক কাৰ্যসূচী ।

Bhupen Bora Press Conference : খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ বিজেপি; ভূপেন বৰা

সংবাদমেলত ভূপেন বৰাৰ মন্তব্য, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আশাকৰা ধৰণে ফল নাপালে কংগ্ৰেছে (Bhupen Bora reaction on DAC election) ৷ আনহাতে, বিজেপি়য়ে খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ হোৱা বুলিও মন্তব্য ভূপেন বৰাৰ ৷ বিজেপিয়ে আঞ্চলিক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ ভূপেন বৰাৰ (Bhupen Bora Blamed BJP) ৷

Siddhaanth Vir Surryavanshi dies : কণ্ট্ৰল ৰুমৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ মৃত্যু

11 নৱেম্বৰত মুম্বাইস্থিত টেলিভিছন জগতৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ মৃত্যু হয় । জানিব পৰা মতে, 46 বছৰীয়া অভিনেতাজনে জিমত ব্যায়াম কৰি থকাৰ মাজতেই বাগৰি পৰে (Siddhaanth Vir Surryavanshi)। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা চুপাৰ মডেল আলেছিয়া ৰাউত আৰু তেওঁলোকৰ দুই সন্তানক এৰি থৈ যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.