ETV Bharat / state

Bhupen Bora Press Conference : খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ বিজেপি; ভূপেন বৰা

author img

By

Published : Nov 11, 2022, 5:02 PM IST

Updated : Nov 11, 2022, 6:26 PM IST

সংবাদমেলত ভূপেন বৰাৰ মন্তব্য, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আশাকৰা ধৰণে ফল নাপালে কংগ্ৰেছে (Bhupen Bora reaction on DAC election) ৷ আনহাতে, বিজেপি়য়ে খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ হোৱা বুলিও মন্তব্য ভূপেন বৰাৰ ৷ বিজেপিয়ে আঞ্চলিক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ ভূপেন বৰাৰ (Bhupen Bora Blamed BJP) ৷

Bhupen Bora
Bhupen Bora

বৰপেটা, ১১ নৱেম্বৰ : শুকুৰবাৰে বৰপেটাত এক সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora Press Conference in Barpeta) । বৰপেটা আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে কংগ্ৰেছ নেতা ভাস্কৰ বৰুৱা, জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম আহমেদ, ৰাণা গোস্বামীৰ লগতে একাংশ কংগ্ৰেছ নেতা ৷

সংবাদমেলত ভূপেন বৰাৰ মন্তব্য, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আশাকৰা ধৰণে ফল নাপালে কংগ্ৰেছে (Bhupen Bora reaction on DAC election) ৷ আনহাতে, বিজেপিয়ে খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ হোৱা বুলিও মন্তব্য ভূপেন বৰাৰ ৷ বিজেপিয়ে আঞ্চলিক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ ভূপেন বৰাৰ (Bhupen Bora Blamed BJP) ৷

Bhupen Bora Press Conference : খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ বিজেপি; ভূপেন বৰা

লগতে ৰাজ্যৰ বিত্তীয় অৱস্থা সম্পৰ্কেও মন্তব্য আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ অসমৰ বাজেটৰ নিৰ্ধাৰিত ৭৯ শতাংশ পুঁজি কেৱল ব্যক্তিগত হিতাধিকাৰী আঁচনি, দৰমহা আৰু পেঞ্চনত খৰচ কৰিছে ৷ মাত্ৰ ১৯.৫৪ শতাংশ পুঁজিহে আন্তঃগাঁথনি উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ কামত ব্যয় কৰা হৈছে ৷

ইফালে পুঁজিৰ অভাৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষা মাগি ঘূৰি ফুৰা বুলিও অভিযোগ ভূপেন বৰাৰ (APCC President Bhupen Bora) ৷ ৰাজ্য চৰকাৰে আভ্যন্তৰীণ বিত্তীয় অৱস্থাৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰো দাবী জনায় ভূপেন বৰাই ৷ সংবাদমেলত ভূপেন বৰাৰ মন্তব্য, বিত্তীয় অৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই ৰাজ্য চৰকাৰে আঠ হাজাৰ কৰ্মৰত শিক্ষকক ছাটাই কৰিব বিচাৰিছে ৷ সেয়ে শিক্ষকসকলক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ আহ্বান জনায় ভূপেন বৰাই ৷

ইফালে ২০২৬ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিশ্ৰুতি, "আমাৰ চৰকাৰ আহিলে প্ৰথম কেবিনেটতে আমি পুৰণি পেঞ্চন নীতি ঘূৰাই আনিম ৷ কংগ্ৰেছক চৰকাৰ গঠনত কৰ্মচাৰীসকলে সহায় কৰক; আমি তেওঁলোকক পুৰণি পেঞ্চন নীতি দিম ৷" আনহাতে, কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি ভূপেন বৰাই কয়, আজমল ইণ্টাৰনেচনেল মানুহ ৷ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় আছে ৷ মুখ্যমন্ত্ৰীৰ লগত মিতিৰালি আছে ৷ কংগ্ৰেছৰ লগত মিত্ৰতা আজমল ডাঙৰীয়াৰ সপোন ৷ এই সপোন বাস্তৱায়িত নহয় ৷ কংগ্ৰেছৰ বহু নেতা-বিধায়ক মুখ্যমন্ত্ৰীৰ 'পেইড ছাৰভেণ্ট' বুলি কৰা আজমলৰ মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে চিবিআইক অভিযোগ দিয়া বুলিও তেওঁ কয় ৷

লগতে পঢ়ক :MP Dilip Saikia at Raas mahotsav: ৰাস মহোৎসৱত মঞ্চ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ

Last Updated : Nov 11, 2022, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.