Arati Turi Murder Case : CIDৰ কাৰ্যালয়ত অভিযুক্তক সাক্ষাৎ কৰি চৰ্চাত বিধায়ক প্ৰশান্ত ফুকন

By

Published : Nov 11, 2022, 5:36 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাজ্য কঁপাই যোৱা ধূলাৰ কিশোৰী হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে CIDয়ে (Arati Turi Murder Case)। এই ঘটনাৰ লগত জড়িত বহুকেইজনক ইতিমধ্যে আটক কৰিছে CIDৰ দলে । ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন CID কাৰ্যালয়ত প্ৰবেশ কৰি এই ঘটনাৰ লগত জড়িত হৈ আটক হোৱা কোনো এজন লোকৰ সৈতে মিলিত হোৱাৰ খবৰ পোৱা গৈছে (MLA Prasanta Phukan at CID office)। এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এজন শাসকীয় দলৰ বিধায়কে CID কাৰ্যালয়ৰ ভিতৰত অভিযুক্তক সাক্ষাৎ কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই কোনেও । বিধায়ক প্ৰশান্ত ফুকনে CID কাৰ্যালয়ত প্ৰৱেশ কৰি অভিযুক্তক লগ কৰা কাৰ্যক উচিত তদন্ত কৰাৰ দাবী জনাইছে ৰাইজৰ দলৰ সম্পাদক ৰাতুল গগৈয়ে (Raijor Dal secretary Ratul Gogoi)।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.