ETV Bharat / bharat

Shoe thieves terror in trains : চলন্ত ৰে'লত জোতা চোৰৰ সন্ত্ৰাস; যাত্ৰীয়ে দিলে গোচৰ

author img

By

Published : Nov 11, 2022, 5:45 PM IST

বিহাৰৰ মুজাফ্ফৰপুৰ ৰে'ল আৰক্ষী থানাত জোতা চুৰিৰ এক গোচৰ ৰুজু হৈছে (Shoe stolen in train in Muzaffarpur)। অভিযোগ অনুসৰি চলন্ত ৰে'লত বিহাৰৰ এগৰাকী যাত্ৰীৰ জোতা চুৰি হৈছে । আৰক্ষীয়ে জোতা চোৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ।

Shoe thief
চলন্ত ৰে'লত জোতা চোৰৰ সন্ত্ৰাস

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : আপুনি ৰে'লৰে যাত্ৰা কৰি আছে নেকি ? ৰে'লত যাত্ৰা কৰা সময়ত আপোনাৰ বেগ অথবা সকলো সামগ্ৰী ভালদৰে ৰাখিব । কাৰণ ৰে'লত প্ৰায়ে চোৰৰ উপদ্ৰৱ চলা দেখা যায় । অৱশ্যে বাকী সামগ্ৰীৰ লগতে আপোনাৰ চেণ্ডেল বা জোতাযোৰও ভালদৰে ৰাখক । কাৰণ আপোনাৰ জোতা বা চেণ্ডেলৰ ওপৰতো চোৰৰ নজৰ থাকে (Shoe thieves in trains in Bihar)। আপোনাৰ অকণমান অসাৱধানতাৰ বাবে ৰে'লৰ পৰা খালী ভৰিৰে নামিব লাগিব পাৰে ।

বিহাৰৰ এগৰাকী যাত্ৰীৰ লগতো অনুৰূপ ঘটনা সংঘটিত হৈছে । অৱশ্যে জোতা চোৰৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিহাৰৰ যাত্ৰীগৰাকীয়ে (FIR against shoe thieves)। যাত্ৰীগৰাকী হৈছে বিহাৰৰ সীতামাঢ়ীৰ বাসিন্দা ৰাহুল কুমাৰ ঝা । ৰাহুল ঝাই ৰে'লৰে যাত্ৰা কৰি থকাৰ সময়তে তেওঁৰ জোতা চুৰি হয় (Shoe stolen in train in Muzaffarpur)। ঘটনা সন্দৰ্ভত ৰাহুলে দিয়া এজাহাৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

ৰাহুল কুমাৰ ঝাৰ অভিযোগৰ ভিত্তিত মুজাফ্ফৰপুৰ ৰে'ল আৰক্ষী থানাত জোতা চুৰিৰ এক গোচৰ ৰুজু কৰা হৈছে । তেওঁৰ অভিযোগৰ ভিত্তিত, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি জোতা চুৰিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে, ৰাহুল কুমাৰ ঝা নামৰ যাত্ৰীগৰাকীয়ে জয়নগৰ ক্লোন বিশেষ ৰেল নম্বৰ ০৪৬৫২ত পাঞ্জাৱৰ আম্বালাৰ পৰা মুজাফ্ফৰপুৰলৈ যাত্ৰা কৰি আছিল । এজাহাৰত তেওঁ উল্লেখ কৰা মতে ৰাহুলে ডবা নম্বৰ বি-৪ত ৫১ নম্বৰৰ আসনত বহি যাত্ৰা কৰি আছিল । উত্তৰ প্ৰদেশৰ মোৰাদাবাদত, তেওঁ আসনৰ পৰা কিছু কামৰ বাবে নামিবলগীয়া হৈছিল ।

আসনৰ পৰা নামি জোতা পিন্ধিবলৈ লওতেই ৰাহুল আচৰিত হৈ পৰে । কাৰণ তেওঁ দেখিছিল যে, তেওঁৰ জোতাযোৰ নাই । তেওঁ ইফালে সিফালে বিচাৰিলে কিন্তু জোতাযোৰ বিচাৰি নাপালে (Shoe stolen from passenger in running train)। লগে লগে তেওঁ এই সন্দৰ্ভত ৰে'লৱে এপৰ জৰিয়তে অভিযোগ দাখিল কৰে । চলন্ত ৰে'লত জোতা চুৰিৰ ঘটনাই এতিয়া ৰাজ্যখনত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Explosive rescued at Sonari: নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ, দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.