Explosive rescued at Sonari: নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ, দুজনক আটক

By

Published : Nov 11, 2022, 12:40 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

চৰাইদেউ জিলাৰ সোণাৰিত এখন নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হয় ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা অহা এখন নৈশ বাছত সাত কাৰ্টন বিস্ফোৰক আনি সোণাৰি আৰক্ষী থানাৰ সন্মুখতে থকা বাছ কাউন্টাৰত কাৰ্টনসমুহ নমোৱা হৈছিল (Explosive rescued at Sonari)৷ তাৰ পিছতে দুপৰীয়া প্ৰায় ১ বজাত নাগালেণ্ডৰ নামচাৰ ভেৰি নামৰ এগৰাকী নগা মহিলাই এখন অট’ত 7 কাৰ্টন বিস্ফোৰক লৈ নামতোলালৈ গৈ থকা অৱস্থাত নামতোলা আৰক্ষীয়ে তালাচীত বৃহৎ পৰিমাণৰ বিস্ফোৰক খিনি উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে নগা মহিলাগৰাকীৰ লগতে অট’ চালক আদাম তাঁতী নামৰ লোকজনকো আটক কৰিছে ( Two detained at Sonari) ৷ ইফালে নৈশ বাছখনৰ গৰাকীয়ে জানিবলৈ দিয়া মতে গুৱাহাটীৰ ISBT ৰ পৰা এই কাৰ্টনসমূহ গাড়ীত তুলি দিয়া হৈছিল ৷ প্ৰায়ে এই মহিলা গৰাকীয়ে নৈশ বাছত বিভিন্ন সামগ্ৰীৰ কাৰ্টন আনে বুলিও জানিবলৈ দিছে বাছৰ গৰাকীজনে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.