Tiger menace at Basistha : পুৱাই বশিষ্ঠত উদ্ধাৰ লতামাকৰিৰ পোৱালি

By

Published : Nov 11, 2022, 5:34 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

শুকুৰবাৰে পুৱাই মহানগৰীৰ বশিষ্ঠৰ পাটৰকুচি লেছিয়া নগৰত বাঘৰ আতংক (Tiger menace at Basistha) ৷ জংঘল চাফা কৰি থকা অৱস্থাত অঞ্চলটোৰ এজন ব্যক্তিয়ে বাঘৰ এটা পোৱালি কুঁৱাত পৰা প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে ব্যক্তিগৰাকীয়ে খবৰ দিয়ে বন বিভাগৰ লোকক ৷ বন বিভাগৰ লগতে আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত কুঁৱাৰ পৰা সুকলমে বাঘৰ পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা বাঘৰ পোৱালিটো লতামাকৰিৰ পোৱালি বুলি স্পষ্ট কৰে বন বিভাগৰ লোকে (Leopard cub rescued at Basistha) ৷ পৰৱৰ্তী সময়ত লতামাকৰিৰ পোৱালিটোক লৈ যোৱা হয় চিৰিয়াখানালৈ ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.