ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 12, 2022, 5:07 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Mysterious Death in Guwahati : মহানগৰীত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ সমীপত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ (Mysterious Death in Guwahati) ৷

Sivasagar administration initiative : শিৱসাগৰত থলুৱাভাৱে নিৰ্মিত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ মুকলি

শিৱসাগৰ জিলা প্ৰশাসনে বৰপুখুৰীৰৰ পাৰত মুকলি কৰিছে এক বিশেষ বিক্ৰী কেন্দ্ৰ (Local goods outlet opened in Sivasagar)। য'ত জিলাখনৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে । থলুৱা ক্ষুদ্র উদ্যোগীৰ আচাৰ, বস্ত্ৰ সম্ভাৰৰ লগতে অন্যান্য উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

Sankardev Sangha Controversy: শংকৰ সংঘ বিতৰ্কত সৰৱ টাই আহোম সংগঠন

শংকৰ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈক পদৰ পৰা অব্যাহতি ল'বলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে (Sankardev Sangha Controversy) ।

Film fraternity reaction on Pulok Gogoi death: অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ

যেন অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ ! জীৱন কালত কেৱল ছবি আৰু ৰং-তুলিকাৰ বাহিৰে আন একোৱেই ভাবিব নোৱৰা পুলক গগৈক শেষ বিদায় জনাবলৈ গৈ শোকাহত হৈ পৰিছে শিল্পী, গুণমুগ্ধকে ধৰি বহুজন (Film fraternity reaction on Pulok Gogoi's death) ৷ ৷ গগৈৰ মৃত্যুৰ লগে লগে যেন উভালি পৰিল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আৰু এজোপা বটবৃক্ষ !

HSLC exam form filling up: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্র পূৰণৰ দিন ঘোষণা ছেবাৰ

মেট্ৰিক পৰীক্ষাৰ বাবে ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা (SEBA announces HSLC exam forms filling up date)। ছাত্র-ছাত্রীসকলে ২০ ডিচেম্বৰৰ ভিতৰত আদায় দিব লাগিব মাচুল । দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই । আন পৰীক্ষাৰ্থীসকলে আদায় দিব লাগিব ২২০০ টকাকৈ মাচুল ।

APDCL Increases Electricity Charge: প্রতি ইউনিটত ১৫ পইচাকৈ বৃদ্ধি বিদ্যুৎ মাচুল

অতিৰিক্ত ব্যয়ৰ জোৰা মাৰিবলৈ এ পি ডি চি এলৰ সিদ্ধান্ত । বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে (APDCL Decision to increase electricity charges) । ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্রাইজ এডজাষ্টমেণ্ট ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত । বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ বৃদ্ধি কৰা হ'ব মাচুল ।

Attempt to Kill : গোলাঘাটত মাত্ৰ ৫০০ টকাৰ বাবেই মৰিয়াই হত্যাৰ চেষ্টা

গোলাঘাটত মাত্ৰ ৫০০ টকাৰ বাবেই মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা (Attempt to kill in Golaghat) । গোলাঘাটৰ শালমৰাত সংঘটিত হৈছে এই ঘটনা । ৰাজপথত মটৰচাইকেলৰ পৰা নমাই চোঁচৰাই আনি গাড়ীত খুন্দিয়াই মূৰ ফালিলে জিম্পু আলী নামৰ যুৱকজনৰ (Attempt to kill for just Rs 500 in Golaghat) ।

Ajanta Neog Press meet: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ কেলেংকাৰী: মুখ খুলিলে অজন্তা নেওগে

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ বিষয়ে শুকুৰবাৰে মুখ খুলিলে মন্ত্ৰী অজন্তা নেওগে(Minister Ajanta neog in Golaghat) ৷ লগতে গোলাঘাটৰ CIDFপুঁজিত কেলেংকাৰী কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে(Minister Ajanta neog on Corruption) ।

Women self defence training: তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষণ

তেজপুৰ বিশ্ববিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণত ব্যস্ত এদল ছাত্ৰী (Women self defence training at Tezpur)। দিল্লীৰ প্ৰভাচৰণ কৌৰৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । প্ৰশিক্ষক প্ৰভাচৰণ কৌৰে কয় যে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ এনে প্ৰশিক্ষণৰ প্ৰয়োজন ।

Bipasha Basu baby:বিয়াৰ 6 বছৰৰ পিছত দুজনীয়া পৰিয়াল তিনিজনীয়া হ’ল বিপাশা-কৰণৰ

বিপাশ বসুৱে বিয়াৰ 6 বছৰৰ পিছত মাতৃত্ব লাভ কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে জন্ম দিছে এটি কন্যা সন্তানৰ । বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰৰ ঘৰত এতিয়া উখল-মাখল পৰিৱেশ । 2016 চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.