ETV Bharat / entertainment

Bipasha Basu baby:বিয়াৰ 6 বছৰৰ পিছত দুজনীয়া পৰিয়াল তিনিজনীয়া হ’ল বিপাশা-কৰণৰ

author img

By

Published : Nov 12, 2022, 3:37 PM IST

বিপাশ বসুৱে বিয়াৰ 6 বছৰৰ পিছত মাতৃত্ব লাভ কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে জন্ম দিছে এটি কন্যা সন্তানৰ । বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰৰ ঘৰত এতিয়া উখল-মাখল পৰিৱেশ । 2016 চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো ।

Bipasha Basu
বিপাশা-কৰণ

চিটাৰা ডেস্ক, 12 নৱেম্বৰ : বলীউডৰ পৰা আহিল এক ভাল খবৰ । অভিনেত্ৰী আলিয়া ভাটৰ পিছত এতিয়া মোহময়ী অভিনেত্ৰী বিপাশা বসুৱে লাভ কৰিলে মাতৃত্বৰ সুখ । 12 নৱেম্বৰ, শনিবাৰে এগৰাকী কন্যা সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে । বিয়াৰ 6 বছৰৰ পাছত বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰৰ ঘৰত উখল-মাখল পৰিৱেশ । 2016 চনত বিবাহপাশত আবদ্ধ হৈছিল বিপাশা-কৰণ ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেত্ৰী গৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিছে আৰু এতিয়া গোটেই ঘৰখনতে সুখৰ পৰিৱেশে বিৰাজ কৰিছে । এই বছৰতেই কৰণ আৰু বিপাশাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল আৰু তেতিয়াৰে পৰাই অনুৰাগীসকলে আগ্ৰহেৰে প্ৰথমটি সন্তানৰ বাবে অপেক্ষা কৰি আছিল ।

বিপাশাইও গোটেই গৰ্ভাৱস্থাত নিজৰ সম্পূৰ্ণ যত্ন লৈছিল ৷ সময়ে সময়ে অনুৰাগীৰে সৈতে ভিডিঅ’ আৰু কেতিয়াবা ফটো শ্বেয়াৰ কৰি নিজৰ অৱস্থাৰ বিষয়ে আপডেট দিছিল । কৰণ আৰু বিপাশাই একেলগে কেইবাটাও প্ৰসূতি ফটোশ্বুট কৰিছিল, যাৰ বাবে সামাজিক মাধ্যমত ট্ৰ’ল খাবলগীয়া হৈছিল দুয়োৱে ।

2015 চনত ‘Alone’ ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত লগ হৈছিল তেওঁলোক আৰু তাৰ পিছৰ বছৰতেই 2016 চনত বিবাহ পাশত আৱদ্ধ হয় । বিবাহৰ 6 বছৰৰ অন্তত কন্যা হিচাপে প্ৰথমটি সন্তানৰ আগমণ ঘটিছে কৰণ-বিপাশাৰ জীৱনলৈ ।

বিপাশাই এটা সুন্দৰ প্ৰসূতিৰ ফটোশ্বুট শ্বেয়াৰ কৰিছিল, য’ত ইউজাৰে তেওঁক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছিল । গৰ্ভাৱস্থাৰ সময়ত মেটাৰ্নিটী ফেশ্বন ৱেৰ ব্ৰেণ্ড আৰম্ভ কৰা আলিয়া ভাটে বিপাশালৈ কিছুমান প্ৰসূতি সাজ-পোছাক প্ৰেৰণ কৰিছিল যি আৰামদায়ক পোছাক পিন্ধি বিপাশাই ধন্যবাদ জনাইছিল আলিয়াক ।

আলিয়াইয়ো জন্ম দিলে এগৰাকী কন্যা সন্তানৰ

6 নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটেও এগৰাকী কন্যাৰ পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰে । কন্যাৰ আগমনৰ লগে লগে কাপুৰ পৰিয়ালতো সুখৰ বন্যা বৈছে ।

লগতে পঢ়ক : Preity Zinta kids:যমজ সন্তান জয়-জিয়াৰ প্ৰথমটো জন্মদিনত প্ৰীতি জিণ্টাৰ আৱেগিক পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.