ETV Bharat / entertainment

Preity Zinta kids:যমজ সন্তান জয়-জিয়াৰ প্ৰথমটো জন্মদিনত প্ৰীতি জিণ্টাৰ আৱেগিক পোষ্ট

author img

By

Published : Nov 11, 2022, 4:44 PM IST

যমজ সন্তান জিয়া আৰু জয়ৰ প্ৰথমটো জন্মদিন উদযাপন কৰি অভিনেত্ৰী প্ৰীতি জিণ্টা গুডেনাফে এক আৱেগিক টোকা লিখিছে ৷ তেওঁ কৈছে যে তেওঁ তেওঁৰ জীৱনত অভিনয় কৰা সকলো বোৰ চৰিত্ৰৰ ভিতৰত একোৱেই এতিয়া তেওঁ দৈনিক ৰূপায়ন কৰা মাতৃৰ চৰিত্ৰৰ সমপৰ্যায়ৰ নহয় ।

Preity Zinta
জন্মদিনত প্ৰীতি জিণ্টাৰ আৱেগিক পোষ্ট

চিটাৰা ডেস্ক, 11 নৱেম্বৰ : শুকুৰবাৰে বলীউডৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই তেওঁৰ যমজ সন্তান জয় আৰু জিয়াৰ প্ৰথমটো জন্মদিন উদযাপন কৰিছে ৷ জন্মদিন উপলক্ষে প্ৰীতিয়ে এটা আদৰণীয় পোষ্ট আপলোড কৰিছে । বিগত বছৰত স্বামী জিন গুডেনাফৰ সৈতে চাৰ’গেছিৰ জৰিয়তে যমজ সন্তানক আদৰণি জনাই প্ৰীতিয়ে ইনষ্টাগ্ৰামত নিজৰ সন্তানৰ দুখন ফটো পোষ্ট কৰিছিল (Preity Zinta kids) ।

ইনষ্টাগ্ৰামত প্ৰীতিয়ে জয়ৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি শিৰোনামত লিখিছে, "'মই জীৱনত যিমানবোৰ ভূমিকা পালন কৰিছো, তাৰ ভিতৰত একোৱেই মাতৃ হোৱাৰ ভূমিকাৰ ওচৰলৈ নাহে । মই নিশ্চিত যে আমি এক দীঘলীয়া জীৱনৰ বাবে দুয়োকে চিনি পাওঁ...মই নাভাবি থাকিব নোৱাৰো যে আমি ইজনে সিজনৰ সৈতে কিমান মৰম ভাগ বতৰা কৰিম আৰু মই ক’ব নোৱাৰো যে মোৰ সৰু কণমানিটিক চাই মোৰ হৃদয় কিমান ভৰি পৰে । মই তোমাক সদায় ভাল পাওঁ, শুভ জন্মদিন মোৰ জান । লৱ্ ইউ টু দ্য মুন এণ্ড বেক #Happybirthday #meraajy #1yearold #ting" ৷

জিয়াৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি 'কই মিল গয়া' অভিনেত্ৰী গৰাকীয়ে লিখিছে, "মই সদায় জানিছিলো যে মই তোমাক বিচাৰিছিলো... মই তোমাৰ বাবে প্ৰাৰ্থনা কৰিছিলো, মই তোমাৰ বাবে শুভেচ্ছা জনাইছিলো আৰু এতিয়া তুমি ইয়াত আছা আৰু মোৰ হৃদয় ভৰি পৰা এবছৰ হৈ গ'ল আৰু মই তোমাৰ মূল্যৱান হাঁহি, তোমাৰ উষ্ম আলিংগন আৰু মোৰ জীৱনত তোমাৰ উপস্থিতিৰ বাবে চিৰদিন কৃতজ্ঞ হৈ থাকিম মোৰ সৰু জিয়া শুভ জন্মদিন মোৰ সৰু পুতলা । মই আশা কৰা সকলো তুমিয়েই বা তাতোতকৈয়ো অধিক । তোমাৰ জীৱন আজি আৰু সদায় প্ৰেম আৰু সুখেৰে পৰিপূৰ্ণ হওঁক আৰু লৱ্ ইউ টু দ্য মুন এণ্ড বেক । #Happybirthday #oneyearold #meriijiiyaa #ting" ৷

প্ৰীতিয়ে আপলোড কৰা দুয়োখন ফটোতে কল হো না হো অভিনেত্ৰী গৰাকীয়ে নিজৰ নয়নৰ মণি পুত্ৰ আৰু কন্যাক চাই থকা দেখা গৈছিল । প্ৰীতিয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে অনুৰাগীয়ে কমেণ্ট চেকছন শুভেচ্ছা বাণীৰে উপচাই পেলায় ।

যোৱা বছৰৰ 11 নৱেম্বৰত প্ৰীতি আৰু তেওঁৰ স্বামী জিন গুডেনাফে (Preity Zinta husband) চাৰ’গেছিৰ জৰিয়তে তেওঁলোকৰ যমজ সন্তান জয় আৰু জিয়াক আদৰণি জনাইছিল (Preity Zinta baby name) । প্ৰীতিয়ে এই খবৰ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল । 2016 চনৰ 29 ফেব্ৰুৱাৰীত আমেৰিকাত অনুষ্ঠিত হোৱা এক অন্তৰংগ অনুষ্ঠানত প্ৰীতি আৰু জিন বিবাহপাশত আবদ্ধ হৈছিল ।

লগতে পঢ়ক : An Action Hero trailer: আয়ুষ্মান খুৰানা, জয়দীপ আহলাৱটে এক্সনৰ মাজেৰেই হহুৱাইছে দৰ্শকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.