ETV Bharat / entertainment

An Action Hero trailer: আয়ুষ্মান খুৰানা, জয়দীপ আহলাৱটে এক্সনৰ মাজেৰেই হহুৱাইছে দৰ্শকক

author img

By

Published : Nov 11, 2022, 1:59 PM IST

আয়ুষ্মান খুৰানা আৰু জয়দীপ আহলাৱট অভিনীত এন এক্সন হিৰ’ৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিছে (An Action Hero trailer) । ব্যংগ হাস্যৰসৰ সমাহাৰৰ সৈতে এক্সনধৰ্মী ছবি এন এক্সন হিৰ’ত এগৰাকী শিল্পীৰ কেমেৰাৰ পিছফালৰ পৰা কেমেৰাৰ সন্মুখলৈকে জীৱন যাত্ৰাৰ কাহিনী দেখুওৱা হৈছে ।

An Action Hero trailer
এন এক্সন হিৰ’

চিটাৰা ডেস্ক, 11 নৱেম্বৰ : বৃহস্পতিবাৰে এন এক্সন হিৰৰ নিৰ্মাতাসকলে প্ৰশংসিত অভিনেতা আয়ুষ্মান খুৰানা আৰু জয়দীপ আহলাৱটক লৈ নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰ উন্মোচন কৰে । টি-চিৰিজ আৰু আনন্দ এল ৰায়ৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন আয়ুষ্মানৰ কেৰিয়াৰৰ প্ৰথম এক্সন-পেকড ছবি হিচাপে চিহ্নিত হৈছে । ব্যংগাত্মক হাস্যৰসৰ সমাহাৰৰ সৈতে এখন এক্সনাৰ হিচাপে চিহ্নিত এন এক্সন হিৰ’ৱে কেমেৰাৰ পিছফালৰ পৰা কেমেৰাৰ সন্মুখলৈকে শিল্পী এজনৰ যাত্ৰাৰ কাহিনী উপস্থাপন কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়ালৈকে ছবিখনে ইতিবাচক চৰ্চা লাভ কৰিছে (An Action Hero trailer) ৷ বলীউডত কেৰিয়াৰৰ 10 বছৰৰ পাছত আয়ুষ্মানে এক্সন চৰিত্ৰত প্ৰথমবাৰলৈ অভিনয় কৰিছে । অভিনেতা গৰাকীয এনে ছবি নিৰ্বাচন কৰাৰ বাবে পৰিচিত যিবোৰ চিন্তাপ্ৰৱণ অথচ পৰম মনোৰঞ্জনমূলক কাহিনী যিয়ে সমাজৰ সকলো শ্ৰেণীৰ দৰ্শককে আকৰ্ষণ কৰে ।

এন একচন হিৰ’ ট্ৰেইলাৰ চাই আয়ুষ্মানক তেওঁৰ এক্সন অৱতাৰত চিত্তাকৰ্ষক দেখা গৈছে যিটো তেওঁৰ সহজাত হাস্যৰস আৰু তুলনাবিহীন অভিনয়েৰে সজ্জিত । জয়দীপ আৰু আয়ুষ্মানে আপাতদৃষ্টিত এনে এখন চলচ্চিত্ৰ আগবঢ়াই দিবলৈ সাজু হৈছে যিয়ে দৰ্শকক ছবিখন উপভোগ কৰাৰ সময়ত ৰোমাঞ্চিত কৰি ৰাখিব (An Action Hero movie cast) ।

আনন্দ এল ৰায়ে বৃহৎ পৰিসৰত এন এক্সন হিৰ’ নিৰ্মাণ কৰি উলিয়াইছে ৷ ব্ৰিটেইনত অবিশ্বাস্যভাৱে দীঘলীয়া সূচী শ্বুট কৰা হৈছিল ছবিখনৰ । ভাৰতৰ কিছুমান মনোমোহা ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে ৷ নিৰ্মাতাসকলে ছবিখনৰ পৰা যুক্তৰাজ্যৰ কিছুমান সঁচাকৈয়ে শ্বাসৰুদ্ধকাৰী স্থান বৰ্তমানলৈকে দেখুওৱা নাই যিবোৰ দৰ্শকে ডাঙৰ পৰ্দাত চাবলৈ ভাল পাব বুলি তেওঁলোকে নিশ্চিত ।

2022 চনৰ জানুৱাৰী মাহত ছবিখনৰ প্ৰথম সূচী লণ্ডনত শ্বুটিং কৰা হৈছিল । অনিৰুদ্ধ আয়াৰৰ দ্বাৰা পৰিচালিত ছবিখনে 2022 চনৰ 2 ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক : Suraj Barjatya on Salman Khan marriage: পৰিচালক সুৰজ বৰজাত্যই কৰিছে ছলমানৰ বিয়াৰ পৰিকল্পনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.