ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 25, 2022, 3:02 PM IST

Top 10 at 3 PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam power tariff hike: উপভোক্তাৰ ওপৰত মাধমাৰ, পুনৰ বৃদ্ধি কৰা হ’ল বিদ্যুৎ মাচুল

এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff to 79 paise per unit)। ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকে এই বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব । ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে এই বৰ্ধিত বিদ্যুৎ মাচুল বাহাল থাকিব ।

Eknath Shinde to revisit Kamakhya: কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

বিগত জুনত একনাথ সিন্দে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত । চাৰিমাহৰ ব্যৱধানত এইবাৰ ২৬ নৱেম্বৰত একনাথ সিন্দে আহিব মুখ্যমন্ত্ৰীৰ ৰূপত । লগত আহিব মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল । মা কামাখ্যাৰ ওচৰত দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিব সিন্দে বাহিনী (Eknath Shinde to revisit Kamakhya Temple)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ সম্ভাৱনা ।

Assam Meghalaya Border Firing: মেঘালয়ৰ ওচৰত শৰণাপন্ন হৈছে অসম চৰকাৰ: এতুৱা মুণ্ডা

অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বন মন্ত্ৰী এতুৱা মুণ্ডাই (Atuwa Munda reacts on Assam Meghalaya border Firing issue) । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ কেইবালানি আলোচনা হোৱাৰ পাচতো এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা আৰু সিদ্ধান্তক তলৰ পৰ্যায়ৰ বিষয়া তথা সৰ্ব-সাধাৰণে গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । আনহাতে, অসমৰ এনে বিপদৰ সময়ত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-পাৰিষদৰ সকলো সদস্য দিল্লীত বাহৰ পাতি থাকি বিষয়টোত যথোচিত গুৰুত্ব প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে এতুৱা মুণ্ডাই । তেওঁ লগতে গোটেই বিষয়টোত অসম চৰকাৰে মেঘালয়ৰ ওচৰত শৰণাপন্ন হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়

এক দীৰ্ঘ বিৰতিৰ মূৰত ন্যায় পালে এটা পৰিয়ালে ৷ 2016 চনৰ পৰা ন্যায়ৰ আশাত বন্দী আছিল পৰিয়ালটো ৷ অৱশেষত 2022 চনত ন্যায় পালে এই পৰিয়ালটোৱে ৷ তেলেংগানাৰ হায়দৰাবাদৰ POCSO আদালতে 4 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুছাৰী ৰাজু ওৰফে কাতম ৰাজুক দোষী সাব্যস্ত কৰি 20 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে (Man gets 20 years in jail for sexually assaulting girl child)।

Lachit Birth Anniversary: সংকটৰ গৰাহত থকা মোমাইকটা গড়ৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ

লাচিত জয়ন্তীৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰা দেখা গৈছে (Lachit Divas celebrated in Assam) । কিন্তু পৰিতাপৰ কথা যে মোমাইকটা গড়ৰ সংৰক্ষণ দূৰৈৰ কথা, প্রকৃত মোমাইকটা গড়টোনো ক’ত সেয়াহে আজিলৈকে নির্ণয় নহ'ল (Historical Momai Kota Garh) ।

Lachit not only a Hindu Veer: কেৱল হিন্দুৰ বাবে যুঁজ দিয়া নাছিল বীৰ লাচিতে: অতুল বৰা

লাচিত বৰফুকনক হিন্দু নেতা সজোৱা সন্দৰ্ভত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া (MLA Atul Bora on Lachit Barphukan) । আহোম সেনাপতিগৰাকীয়ে অসমত বাস কৰা হিন্দু, খ্ৰীষ্টান, মুছলমান, জৈন, বৌদ্ধ ধৰ্মালম্বী লোকৰ সুৰক্ষাৰ বাবে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমক সুৰক্ষা প্ৰদান কৰিছিল বুলি উল্লেখ বিধায়কগৰাকীৰ (Lachit Barphukan fought for the security of Assam) ।

Municipal board employees protest : পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰঙিয়া

ৰাজ্যজুৰি পৌৰসভাৰ কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (Municipal employees protest)। বিভিন্ন জিলাৰ লগতে কামৰূপৰ ৰঙিয়াতো পৌৰসভাৰ কাৰ্যালয়ৰ গেটত তলা লগাই পৌৰকৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বকেয়া দৰমহা আদায় আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত এই প্ৰতিবাদ পৌৰসভাৰ কৰ্মচাৰীসকলৰ । শতাধিক কৰ্মচাৰীয়ে বিভাগীয় মন্ত্ৰী তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Rangia municipal board worker protest)।

নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষা বিচাৰি দিল্লী উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে বিগবিয়ে

অমিতাভ বচ্চনে তেওঁৰ ব্যক্তিগত অধিকাৰৰ সুৰক্ষা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে (Amitabh Bachchan latest news) ৷ আদালতে অভিনেতাজনৰ সপক্ষে দিছে এক ডাঙৰ সিদ্ধান্ত । সবিশেষ আগলৈ-

FIFA World Cup 2022 : কাটাৰ বিশ্বকাপত ইতিহাস সৃষ্টি ৰোণাল্ডোৰ

বৃহস্পতিবাৰে ঘানাৰ বিৰুদ্ধে ৩-২ গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰা মেচখনত পৰ্তুগাল তাৰকা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে ৬৫ মিনিটত এটা পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰে । লগে লগে তেওঁ ২০০৬ চনৰ পৰা বৰ্তমানৰ বিশ্বকাপলৈ প্ৰতিখন বিশ্বকাপতে গ'ল কৰা ফুটবলাৰ হিচাবে পৰিগণিত হয় (Ronaldo set record in world cup football) ।

FIFA World Cup fever : আৰ্জেণ্টিনা ফুটবল দলৰ ব্যতিক্ৰমী সমৰ্থক

কাটাৰত অনুষ্ঠিত হৈছে বিশ্ব কাপ ফুটবল (FIFA world Cup 2022)। কেৰালাৰ এটা পৰিয়ালে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । আৰ্জেণ্টিনা দলৰ প্ৰতি থকা পৰিয়ালটোৰ উন্মাদনাই সকলোকে আচৰিত কৰি তুলিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.