Lachit Birth Anniversary: সংকটৰ গৰাহত থকা মোমাইকটা গড়ৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ

author img

By

Published : Nov 24, 2022, 8:09 PM IST

Lachit

লাচিত জয়ন্তীৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰা দেখা গৈছে (Lachit Divas celebrated in Assam) । কিন্তু পৰিতাপৰ কথা যে মোমাইকটা গড়ৰ সংৰক্ষণ দূৰৈৰ কথা, প্রকৃত মোমাইকটা গড়টোনো ক’ত সেয়াহে আজিলৈকে নির্ণয় নহ'ল (Historical Momai Kota Garh) ।

গুৱাহাটী, ২৪ নৱেম্বৰ : সমগ্ৰ ৰাজ্যতে মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উদযাপন চলি আছে (400th birth anniversary of Lachit Borphukan) । আনহাতে, অসম চৰকাৰে নতুন দিল্লীত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰি আছে (Lachit Borphukan birth anniversary in New Delhi) । লাচিত জয়ন্তীৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰা দেখা গৈছে (Lachit Divas celebrated in Assam) ।

কিন্তু পৰিতাপৰ কথা যে মোমাইকটা গড়ৰ সংৰক্ষণ দূৰৈৰ কথা, প্রকৃত মোমাইকটা গড়টোনো ক’ত সেয়াহে আজিলৈকে নির্ণয় নহ'ল (CM ignore Historical Momai Kota Garh) । ঐতিহ্যমণ্ডিত পুৰণি কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে । সমস্যা হৈছে মোমাইকটা গড়ৰ চিনাক্তকৰণ কৰিব কোনে, সংৰক্ষণ কৰিব কোনে ? মহাবীৰ লাচিত বৰফুকনে অসম আৰু অসমীয়াৰ জাতীয় স্বাভিমান ৰক্ষাৰ বাবে একে ৰাতিৰ ভিতৰতে সজোৱা গড়টোৰ নামেই মোমাইকটা গড় ।

ইতিহাসৰ ছাত্ৰৰ বাবে এয়া গৱেষণাৰ বিষয় হোৱা উচিত । কিন্তু তাকে নকৰি ৰাজনৈতিক নেতাই কোৱা কথাকেই সমর্থন কৰি মোমাইকটা গড়ৰ অৱস্থিতিক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰি থকা হৈছে (Assam CM Himanta Biswa sarma) । মোমাইকটা গড়টো পৰিদৰ্শন আৰু সংৰক্ষণ কৰিম বুলি প্ৰতিশ্ৰুতি দিও প্রতিশ্রুতি ৰক্ষা কৰিব নোৱাৰিলে তদানীন্তন গৃহমন্ত্ৰী (১৯৮৭) তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ভৃগু কুমাৰ ফুকনে ।

এই সম্পর্কে জনসাধাৰণ সচেতন নহ'লে প্ৰকৃত মোমাইকটা গড় নিশ্চিহ্ন হৈ যাব পাৰে । উল্লেখ্য যে মোমাইকটা গড় সম্পর্কে হিতেশ্বৰ বৰবৰুৱাই তাহানি ‘আহোমৰ দিন’ত কৈছিল- 'মোমাইকটা গড়টো আগিয়াথুৰীৰ পৰা গুৱাহাটীলৈ অহাৰ বাটত’ বুলি ৷ ডঃ সূর্যকুমাৰ ভূঞাই মোমাইকটা গড়টো গুৱাহাটীৰ উত্তৰে বুলি উল্লেখ কৰিছে । এই সন্দৰ্ভত লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক লীলাধৰ হাজৰিকাই ইটিভি ভাৰতক দিয়া এক সাক্ষাৎকাৰত মোমাইকটা গড়টো ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত আছে বুলি কৈছে ।

সেই সন্দৰ্ভত বৰ্তমানৰ মৰিয়াপট্টি নামৰ ঠাইত থকা গড়টোকেই মোমাইকটা গড় বুলিবৰ যুক্তি আছে বুলি তেওঁ কয় । তেওঁ কয়, "ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰতো বহুকেইটা গড় আছে । এইবিলাকৰ ভিতৰত সাতমাইলত থকা গড়টোক কোনো কোনোৱে মোমাইকটা গড় বুলি চিনাক্তকৰণ কৰিছে । অসমৰ কোনো এখন বুৰঞ্জীতেই এই সম্পর্কে কোনো তথ্য পোৱা হোৱা নাই ।

সেই সন্দৰ্ভত উত্তৰপাৰত থকা গড়টোকেই মোমাইকটা গড় বুলিবৰ যুক্তি আছে ।" লীলাধৰ হাজৰিকাই কয় যে ডঃ সূৰ্যকুমাৰ ভূঞা, হিতেশ্বৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, বুৰঞ্জীবিদ বেণুধৰ শৰ্মা, অতুলচন্দ্ৰ হাজৰিকা আৰু জালুকবাৰীত অনুষ্ঠিত লাচিত দিৱসৰ স্মৃতিগ্ৰন্থত ভালেমান লেখকে যুক্তিসহকাৰে মোমাইকটা গড়টো উত্তৰ দিশত আছে বোলা কথাষাৰ আজিকোপতি কোনেও খণ্ডন নকৰাৰ পৰিপ্ৰেক্ষিততেই মোমাইকটা গড়টো উত্তৰপাৰে আছে বুলি ভাবিবৰ থল আছে ।

তেওঁ কয়, "মোমাইকটা গড়ে অসমীয়াৰ জাতীয় চেতনা আৰু বীৰত্বৰ পৰিচয় দাঙি ধৰে । তেনে এক কীৰ্তিচিহ্নক লৈ ৰাজনৈতিক নেতাই খেল নেখেলাই ভাল । অকল মোমাইকটা গড়েই কিয়, আন আন ঐতিহাসিক কীৰ্তি চিহ্নসমূহো চৰকাৰে ৰক্ষণাবেক্ষণ দিয়া উচিত । ঐতিহাসিক মোমাইকটা গড়টো বেদখলকাৰীৰ ভূ-স্বর্গ হৈ আমিনগাঁৱৰ মৰিয়াপট্টিত বর্তমানেও আছে ।"

প্রকৃত মোমাইকটা গড়ৰ চিনাক্তকৰণৰ দায়িত্ব বিশিষ্ট বুৰঞ্জীবিদসকল, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল’ব লাগে । ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰা মুক্ত নিৰেপক্ষ ব্যক্তি আৰু সংগঠনেহে প্রকৃত মোমাইকটা গড়ৰ চিনাক্তকৰণ কৰা উচিত । এই ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা নাই ।

উল্লেখ্য, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰী সমষ্টিতে বেদখলকাৰীৰ কবলত থকা মোমাইকটা গড়ৰ অৱশিষ্ট আছে । কিন্তু লাচিত জয়ন্তীৰ উৎসৱ পালনতে ব্যস্ত মুখ্যমন্ত্ৰীৰ সংকটত থকা মোমাইকটা গড়ৰ খবৰ ল'বলৈ আহৰি নাই, সংৰক্ষণ কৰাটো দূৰৈৰ কথা বুলি চৰ্চিত হৈছে ।

লগতে পঢ়ক : Lachit Divas 2022: লাচিতৰ মোমায়েকৰ সম্পৰ্কে বুৰঞ্জীত উল্লেখ নাই: লীলাধৰ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.