ETV Bharat / state

Eknath Shinde to revisit Kamakhya: কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

author img

By

Published : Nov 25, 2022, 12:13 PM IST

বিগত জুনত একনাথ সিন্দে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত । চাৰিমাহৰ ব্যৱধানত এইবাৰ ২৬ নৱেম্বৰত একনাথ সিন্দে আহিব মুখ্যমন্ত্ৰীৰ ৰূপত । লগত আহিব মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল । মা কামাখ্যাৰ ওচৰত দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিব সিন্দে বাহিনী (Eknath Shinde to revisit Kamakhya Temple)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ সম্ভাৱনা ।

Maharashtra CM will come to Guwahati
কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

গুৱাহাটী, ২৫ নৱেম্বৰ : গুৱাহাটীলৈ পুনৰ আহিব একনাথ সিন্দে (Maharashtra CM Eknath Shinde to revisit Guwahati)। বিগত জুনত তেওঁ গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত । চাৰিমাহৰ ব্যৱধানত এইবাৰ একনাথ সিন্দে আহিব মুখ্যমন্ত্ৰীৰ ৰূপত । সেইবাৰ মনত অজান আশংকা, অনিশ্চিত ভবিষ্যৎ লৈ উপস্থিত হৈছিল অসমত । এইবাৰ তেনে ভয়-সংকোচৰ কোনো প্ৰশ্নই নাই । এইবাৰ একনাথ সিন্দে আহিব উচ্চশিৰে । কিয়নো তেওঁ এতিয়া দেশৰ শক্তিশালী ৰাজ্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ।

যি উদ্ধব থাকৰেৰ ভয়ত তেওঁ প্ৰথমে ছুৰাট আৰু তাৰ পৰা গুজৰাট চৰকাৰ তথা আৰক্ষীৰ প্ৰত্যক্ষ সহায়ত গুৱাহাটীলৈ পলায়ন কৰিবলগীয়া হৈছিল, সেই উদ্ধব থাকৰেৰ পিতৃয়ে গঢ়া শিৱসেনাৰ এতিয়া একনাথ সিন্দেই মালিক । থাকৰেৰ হাতত দলো নাই, চৰকাৰো নাই । এইবাৰো গুৱাহাটীলৈ অকলে নাহে একনাথ সিন্দে ।

Maharashtra CM will come to Guwahati
কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতে ২৬ নৱৰম্বৰত গুৱাহাটীলৈ আহিব মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল । মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত প্ৰায় ২০০ জনীয়া এটা দল গুৱাহাটীলৈ আহিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক হ’লেও সকলোৱেই এইবাৰ আহিব ভক্তৰ ৰূপত । বিগতবাৰৰ দৰে বিদ্ৰোহীৰ ৰূপত নহয় । তেওঁলোক এইবাৰ আহিব মা কামাখ্যা মন্দিৰত সেৱা জনাবলৈ (Guwahati Kamakhya Temple) । তেওঁলোকৰ ভাষাত এয়া ‘‘বচন পুৰ্তি’’ ।অর্থাৎ মা কামাখ্যাৰ ওচৰত দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়ক তথা সাংসদৰ লগতে পৰিয়ালৰ সদস্য (Eknath Shinde to revisit Kamakhya Temple along with MLAs) ।

Maharashtra CM will come to Guwahati
কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

কিয়নো মা কামাখ্যাই তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰিছে । বিগত জুনত যেতিয়া তেওঁলোকে অনিশ্চিত মনেৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত আশ্ৰয় লৈ আছিল ৷ তেতিয়া এদিন একনাথ সিন্দেই অকলে গৈ কামাখ্যা মন্দিৰত সেৱা আগবঢ়াইছিল ।

লগতে পঢ়ক : Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

উদ্ধব থাকৰেৰ চৰকাৰ ভাঙি বিজেপিৰ সাহায্যত তেওঁলোকে যি নতুন চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ অভিযান চলাইছিল ৷ সেই অভিযান সফল হ’লে পুনৰ মা কামাখ্যাৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ আহিব বুলি অংগীকাৰ কৰিছিল একনাথ সিন্দেই । আনহাতে, ৩০ জুনত গুৱাহাটীৰ পৰা গোৱা হৈ মুম্বাইলৈ যোৱাৰ দিনা একনাথ সিন্দেৰ সমৰ্থক প্ৰত্যেকগৰাকী বিধায়কেই একে উদ্দেশ্য মনত লৈ কামাখ্যাত সেৱা আগবঢ়াইছিল । উদ্দেশ্য সফল হ’লে তেওঁলোকো পুনৰ কামাখ্যালৈ অহাৰ কথা আছিল ।

Maharashtra CM will come to Guwahati
কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

মা কামাখ্যাৰ আশীৰ্বাদত একনাথ সিন্দেবাহিনীৰ অভিসন্ধি সফল হ’ল । তেওঁলোকৰ বিদ্ৰোহৰ ফলত মহাৰাষ্ট্ৰৰ নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটিল । মহাবিকাশ আঘাড়ী চৰকাৰৰ মুৰব্বী উদ্ধব থাকৰেৰ পতন ঘটিল । শিৱসেনা দল থানবান হৈ দ্বিখণ্ডিত হ’ল ।

কংগ্ৰেছ আৰু এন চি পি দল চৰকাৰৰ পৰা আঁতৰিল । এতিয়া সেয়ে একনাথ সিন্দে বাহিনীৰ প্ৰতিশ্ৰুতি পালনৰ পাল । সেই ‘‘বচন পুৰ্তি’’ৰ বাবেই কাইলৈ গুৱাহাটীলৈ আহিব একনাথ সিন্দেৰ নেতৃত্বত ২০০ জনীয়া এটা বৃহৎ দল । জানিব পৰা মতে, গুৱাহাটীৰ পাচত তেওঁলোকে অযোধ্যাৰ নিৰ্মীয়মান ৰাম মন্দিৰো দৰ্শন কৰিব ।

উল্লেখ্য যে, ১৯৯২ চনত যেতিয়া অযোধ্যাৰ বাবৰি মছজিদ কৰ সেৱকে ধ্বংস কৰিছিল, তাত আগভাগ লৈছিল শিৱ সৈনিকে । কেৱল মা কামাখ্যাৰ ‘‘বচন পুৰ্তি’’য়েই সিন্দেবাহিনীৰ একমাত্ৰ লক্ষ্য নিশ্চয় নহয় ৷ বিজেপিৰ সৈতে একেলগে চৰকাৰ গঠন কৰিলেও এতিয়া শিৱসেনা আৰু বিজেপিৰ মাজত সংঘাত আৰম্ভ হৈছে ।

এনে পৰিস্থিতিত একনাথ সিন্দেই অসমৰ মুখ্যমন্ত্ৰীক এই ভ্ৰমণত সাক্ষাৎ কৰিব আৰু সেই সাক্ষাৎ তেনে একাধিক কাৰণত ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে । ইতিপূৰ্বে একনাথ সিন্দেই বিদ্ৰোহকালতে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা আৰু বিজেপিত প্ৰভাৱ কিমান অধিক তাৰ উমান পাই থৈছে । সিন্দেই বৰ্তমান দেখা দিয়া সংকট অৱসানৰ বাবে হিমন্ত হিশ্ব শৰ্মাৰ সহায় বিচাৰিব পাৰে বুলি চৰ্চা হৈছে ।

লগতে পঢ়ক : FIFA world cup 2022: প্ৰথমবাৰৰ বাবে ৰেফাৰীৰ দায়িত্বত মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.