Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

author img

By

Published : Nov 25, 2022, 10:56 AM IST

Amit Shah

আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা কৰিলে গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah praises Lachit Borphukan)। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত ভাগ লৈ শৰাইঘাটৰ যুদ্ধৰ কথা স্মৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে ।

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা বিকৃত ইতিহাসক শুদ্ধ ৰূপত পুনৰ লিখাৰ পৰা কোনেও বাধা দিব নোৱাৰে (Nothing can stop correcting distorted history)। ইতিহাসবিদ আৰু শিক্ষাৰ্থীসকলক ১৫০ বছৰতকৈও অধিক সময় ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত শাসন কৰা ৩০ টা সাম্ৰাজ্য আৰু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা ৩০০ ৰো অধিক ব্যক্তিত্বৰ ওপৰত গৱেষণা কৰি প্ৰকৃত ইতিহাস লিখিবলৈ আহ্বান জনালে অমিত শ্বাহে । অসমীয়া বীৰ লাচিত বৰফুকনৰ প্ৰশংসা কৰি শ্বাহে কয় যে যদি লাচিত বৰফুকন নহ'লহেঁতেন, তেন্তে উত্তৰ-পূব ভাৰতৰ অংশ নাথাকিল হয়, কিয়নো সেই সময়ত তেওঁলোকে লোৱা সিদ্ধান্ত আৰু তেওঁলোকৰ সাহসে কেৱল উত্তৰ-পূবেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াক ধৰ্মান্ধ আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল (Amit Shah praises Lachit Borphukan)।

আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah participates Lachit Divas program)। তেওঁ কয় যে লাচিত বৰফুকনৰ সেই কৃতিত্বৰ বাবেই সমগ্ৰ দেশ, সভ্যতা আৰু সংস্কৃতি ৰক্ষা পৰিছে । শ্বাহে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লাচিত বৰফুকনৰ চৰিত্ৰটো হিন্দীলৈ আৰু দেশৰ আন ১০ টা ভাষালৈ অনুবাদ কৰিবলৈ আহ্বান জনায় যাতে দেশৰ প্ৰতিগৰাকী শিশুৱে লাচিতৰ সাহস আৰু ত্যাগৰ বিষয়ে অৱগত হয় ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখন দেশৰ গৌৰৱৰ বাবে কৰা যিকোনো প্ৰচেষ্টাক সমৰ্থন জনায় আহিছে । তেওঁ কয় ইতিহাসক বিকৃত কৰা বিতৰ্কৰ পৰা ওলাই আহি ইতিহাসক গৌৰৱময় কৰি তুলিব লাগে আৰু ইয়াক সমগ্ৰ বিশ্বৰ সন্মুখত তুলি ধৰিব লাগে । অমিত শ্বাহে উল্লেখ কৰা মতে তেওঁ প্ৰায়ে অভিযোগ পাই যে আমাৰ ইতিহাস বিকৃত কৰা হৈছে । এই অভিযোগবোৰ সঁচা হ'বও পাৰে, কিন্তু কোনে তেওঁলোকক সংশোধন কৰাত বাধা দিছে ? আৰু এতিয়া কোনে প্ৰকৃত ইতিহাস লিখাত বাধা দিব পাৰে বুলি তেওঁ প্ৰশ্ন কৰে ।

গৱেষণাৰ জৰিয়তে ইতিহাসবিদ আৰু শিক্ষাৰ্থীসকলে নতুন আৰু শুদ্ধ ইতিহাস উলিয়াই আনিব আৰু অসত্য স্বয়ংক্ৰিয়ভাৱে ইতিহাসৰ পৰা পৃথক হ'ব বুলি উল্লেখ কৰে । তেওঁ কয় যে দেশৰ স্বাধীনতাৰ ইতিহাসৰ নায়কসকলৰ ত্যাগ আৰু সাহসক দেশৰ প্ৰতিটো কোণলৈ লৈ যোৱাটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব ।

শ্বাহৰ মতে যিখন দেশৰ লোকৰ ইতিহাসত গৌৰৱৰ অনুভূতি নাই, তেওঁলোকে কেতিয়াও সোণালী ভৱিষ্যত গঢ়িব নোৱাৰে । যদি দেশৰ সোণালী ভৱিষ্যত গঢ়ি তুলিব লাগে, তেন্তে দেশৰ ইতিহাসক লৈ গৌৰৱান্বিত হোৱাটো অতি গুৰুত্বপূৰ্ণ । গৃহমন্ত্ৰীয়ে কয় যে দেশৰ আটাইতকৈ কঠিন সময়ত দেশৰ প্ৰতিটো কোণত বৰফুকনৰ দৰে ব্যক্তিত্বই দেখুওৱা সাহসিকতাই দেশৰ প্ৰতিটো প্ৰান্তত গোড়া ঔৰঙ্গজেৱৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে (Amit Shah reacts on Saraighat war)।

তেওঁ কয় যে যি সময়ত দক্ষিণে শিৱাজী মহাৰাজে স্বৰাজৰ হকে যুঁজ দি আছিল, উত্তৰত দশম গুৰু, গুৰু গোবিন্দ সিং আৰু পশ্চিমে ৰাজস্থানৰ বীৰ দুৰ্গাদাস ৰাঠৌৰে যুঁজ দি আছিল, একে সময়তে লাচিত বৰফুকনেও পূবৰ মোগল সৈন্যক পৰাস্ত কৰিবলৈ যুঁজ দি আছিল । শ্বাহে কয় যে সাহসৰ বলত বৰফুকনে বৃহৎ মোগল সৈন্যৰ সন্মুখত প্ৰতিকূল পৰিস্থিতিত সেই শতিকাৰ আটাইতকৈ বৃহৎ বিজয় অৰ্জন কৰিছিল ।

তেওঁ কয় যে বুৰঞ্জীবিদসকলৰ মতে, শৰাইঘাটৰ যুদ্ধত বৰফুকনে তেওঁৰ সৰু নাও আৰু সশস্ত্ৰ সৈন্যৰ বলত মোগলৰ বৃহৎ কামান আৰু জাহাজৰ সন্মুখীন হৈছিল । গৃহমন্ত্ৰীয়ে কয় যে বংগৰ পৰা কান্দাহাৰলৈকে বহুতো যুদ্ধত জয়ী হোৱা ৰাম সিঙে বৰফুকনৰ সেনাৰ হাতত পৰাজিত হোৱাৰ পাছত আচৰিত হৈ কৈছিল যে তেওঁ জীৱনত কেতিয়াও নাও চলোৱা, তীৰ নিক্ষেপ কৰা, খাদ খনন কৰা, বন্দুক আৰু কামান নিক্ষেপ কৰাত বিশেষজ্ঞ অসম সৈন্যৰ বহুমুখী প্ৰতিভা থকা এনে সামৰিক দল কেতিয়াও দেখা নাছিল ।

শ্বাহে কয় যে বৰফুকনে শক্তিৰে যুদ্ধ জিকিবলৈ সংকল্পবদ্ধ আছিল । যদিও শৰাইঘাট যুদ্ধৰ পূৰ্বে তেওঁ অসুস্থ আছিল তথাপিও বৰফুকনে যুদ্ধলৈ যোৱাৰ সিদ্ধান্ত লৈছিল । তেওঁৰ কিছুমান সৈন্যই তেওঁক অসুস্থ বুলি সুৰক্ষিত স্থানলৈ লৈ যাবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰ পাছতো বৰফুকনে মোগলৰ বিৰুদ্ধে যুঁজ দিছিল আৰু মোগলৰ সৈতে পূৰ্বৰ যুদ্ধত আহোম সাম্ৰাজ্যক অৱনমিত কৰা শোচনীয় পৰাজয়ৰ প্ৰতিশোধ লৈছিল । যাৰ পৰিণতি স্বৰূপে কোনো মুছলমান আক্ৰমণকাৰীয়ে অসম আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিল ।

লগতে পঢ়ক :Lachit Divas in Delhi: দহটা ভাৰতীয় ভাষাত লাচিতৰ ইতিহাস অনুবাদৰ আহ্বান অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.