Lachit Divas in Delhi: দহটা ভাৰতীয় ভাষাত লাচিতৰ ইতিহাস অনুবাদৰ আহ্বান অমিত শ্বাহৰ

author img

By

Published : Nov 24, 2022, 9:23 PM IST

Lachit Divas in Delhi

দিল্লীত আয়োজিত লাচিত দিৱসৰ (Lachit Divas in Delhi) দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এই অনুষ্ঠানতে অমিত শ্বাহে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ মুকলি কৰে (Amit Shah in Lachit Divas) ৷ বীৰ লাচিতলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে দিল্লীত এই অনুষ্ঠান আয়োজন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷

নিউজ ডেস্ক, 24 নৱেম্বৰ: লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী (400th Birth Anniversary of Lachit Barphukan) উপলক্ষে দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে ৷ 23 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ আয়োজিত লাচিত দিৱসৰ কাৰ্যসূচীত বীৰ লাচিতৰ শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমক সমগ্ৰ দেশ তথা বিশ্বত দাঙি ধৰিব বিচৰা হৈছে (Lachit Divas celebrate in Delhi) ৷ বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ এই অনুষ্ঠানতে অমিত শ্বাহে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ মুকলি কৰে ৷ তাৰ পাচতেই নিজৰ ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

ভাষণ আৰম্ভ কৰি বীৰ লাচিতলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে দিল্লীত এই অনুষ্ঠান আয়োজন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে (Amit Shah in Lachit Divas) ৷ শ্বাহে কয় যে, লাচিত বৰফুকন নহ’লে আজি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংশ হ’ব নোৱাৰিলে হেতেন ৷ তেওঁৰ অদম্য সাহসে দক্ষিণ এছিয়াৰ এই অংশক ধৰ্মান্ধ মোগলৰ পৰা ৰক্ষা কৰিলে ৷ লাচিত বৰফুকনৰ এই উপকাৰ সমগ্ৰ দেশৰ সভ্যতা-সংস্কৃতিত আছে বুলি তেওঁ উল্লেখ কৰে ৷

ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ ইতিহাস অধ্যয়ন অতিকৈ প্ৰয়োজনীয় ৷ যি দেশ বা জাতিয়ে নিজৰ ইতিহাসৰ গৌৰৱময় অধ্যায়ৰ পৰা শিকনি নলয়, তেনে জাতিৰ ভৱিষ্যত কেতিয়াও সোণালী নহয় ৷ দেশৰ ভৱিষ্যৎ সোণোৱালী কৰাৰ বাবে ইতিহাসৰ গৌৰৱ আৰু বোধ লোৱাতো জৰুৰী ৷ দেশৰ সংকটৰ সময়ত ধৰ্মান্ধ ঔৰংগজেৱৰ বিৰুদ্ধে যুঁজ দি লাচিতে বীৰত্ব দেখুৱালে ৷ একে ৰাতিতে গড় নিৰ্মাণ কৰাৰ পৰা নৰিয়া দেহাৰে যুঁজ দিয়ালৈকে লাচিতৰ পাৰক্ৰমৰ কথা উল্লেখ কৰি বীৰগৰাকীলৈ শ্ৰদ্ধা জনাই অমিত শ্বাহে (History Of Lachit Barphukan) ৷

তেওঁ আৰু কয় যে, লাচিতৰ পৰাক্ৰমৰ বাবে শৰাইঘাটক আমি মনত ৰাখি আহিছোঁ আৰু সদায় মনত ৰাখিব লাগিব ৷ লাচিতৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ সভ্যতা-সংস্কৃতিত মোগলে আঘাত হানিব নোৱাৰিলে বুলি তেওঁ উল্লেখ কৰে ৷ অমিত শ্বাহে কয়, ‘‘যি কাম কৰিবলৈ ভয় লাগে, সেই কাম সমাধা কৰাটোৱেই হৈছে সাহস ৷ ইয়াৰ প্ৰতিভূ হৈছে লাচিত বৰফুকন’’ ৷

লাচিত দিৱসৰ সৈতে সংগতি ৰাখি বিজ্ঞান ভৱনৰ চৌহদত অনুষ্ঠিত কৰা অসম সম্পৰ্কীয় প্ৰদৰ্শনীখন চাবলৈ তাত উপস্থিত থকা বিভিন্ন বিশ্ববিদ্যালয়ৰ ইতিহাসৰ ছাত্ৰ-গৱেষকসকলক আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

ইতিহাসৰ কথা সুঁৱৰি তেওঁ কয় যে, প্ৰায়ে ইতিহাস সমূহত কেতবোৰ ভুল ব্যাখ্যা থকা বুলি অভিযোগ উত্থাপন হয় ৷ কিন্তু সেইবোৰ এৰাই চলি শুদ্ধভাৱে বুৰঞ্জী লিপিবদ্ধ কৰাতো প্ৰয়োজন ৷ বৰ্তমানৰ বুৰঞ্জীবিদ সকলে প্ৰকৃত আৰু সত্য তথ্যৰ ভিত্তিত নতুনকৈ ইতিহাস প্ৰণয়ন কৰিব লাগে বুলিও তেওঁ কয় ৷ লগতে অসম চৰকাৰক হিন্দীসহ দেশৰ 10 টা ভাষাত লাচিত বৰফুকনৰ ইতিহাস লিপিবদ্ধ কৰি দেশৰ ভৱিষ্যৎ প্ৰজন্মক বীৰগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ সুবিধা কৰিব দিবলৈ আহ্বান জনায় ৷

দেশৰ প্ৰতিগৰাকী বীৰৰ পৰাক্ৰমৰ গাঁথা এইদৰেই প্ৰতিটো প্ৰজন্মৰ বাবে উদ্ভাসিত কৰি ৰখাতো প্ৰয়োজনীয় বুলি উল্লেখ কৰে অমিত শ্বাহে ৷ শেষত পুনৰ স্বাধীনতাৰ অমিত মহোৎসৱ চলি থকাৰ মাজতে লাচিত দিৱসৰ এই অনুষ্ঠান আয়োজনৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই নিজৰ ভাষণ সামৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Lachit Birth Anniversary: সংকটৰ গৰাহত থকা মোমাইকটা গড়ৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.