FIFA world cup 2022: প্ৰথমবাৰৰ বাবে ৰেফাৰীৰ দায়িত্বত মহিলা

author img

By

Published : Nov 24, 2022, 10:52 PM IST

FIFA world cup 2022

কাটাৰ বিশ্বকাপ ২০২২ ত ইতিহাস ৰচনা কৰিবলৈ সাজু চেলিমা মুকানচাংগা ৷ ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খেল পৰিচালনাৰ দায়িত্বত মহিলা ৰেফাৰী ৷ চেলিমাৰ লগতে এইবাৰ আন দুগৰাকী যমশিতা য়ামশিতা আৰু ষ্টেফানি ফ্ৰাপাৰ্ট আছে ৰেফাৰীৰ দায়িত্বত(Woman Referee in Fifa) ৷

স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ: ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপক লৈ সকলোৰে বিশেষ আকৰ্ষণ আছে ৷ কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২য়ে এইবাৰ উদ্ধোধন পূৰ্বৰ পৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে কাটাৰত ফুটবলৰ মহাৰণৰ উদ্ধোধনী অনুষ্ঠানৰ মাজতো সমগ্ৰ বিশ্বতে আলোচ্য বিষয় হৈ পৰিছিল ফিফা বিশ্বকাপ ২০২২ ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া কেমেৰুন আৰু চুইজাৰলেণ্ডৰ মাজৰ খেলখনৰ পূৰ্বেও সকলোৰে মাজত চৰ্চা বিষয় হৈ পৰিছে ফিফা বিশ্বকাপ ৷

অৱশ্যে আজি কেমেৰুন আৰু চুইজাৰলেণ্ডৰ দল দুটাৰ বাবে নহয়, এই খেলখনৰ দায়িত্বত থকা ৰেফাৰীৰ বাবেহে ই চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কাৰণ আজি অনুষ্ঠিত হ'বলগীয়া খেলখনত ৰেফাৰীৰ দায়িত্বত আছে আফ্ৰিকাৰ চেলিমা মুকানচাংগাই ৷ এই খেলখনৰ জড়িয়তে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে চেলিমা মুকানচাংগা ৷ কাৰণ ফিফা বিশ্বকাপত কাৰ্যনিৰ্বাহ কৰা প্ৰথম আফ্ৰিকান মহিলা ৰেফাৰী হৈছে চেলিমা । ফিফাৰ 92 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক মেচ ৰেফাৰীৰ দায়িত্ব দিয়া হৈছে ।

ৰৱাণ্ডাৰ চেলিমা মুকানচাংগাই ২০১২ চনৰ পৰা ফিফাৰ বাবে কাম কৰি আছে । চেলিমা মুকানচাংগাক ২০১৯ ৰ মহিলা বিশ্বকাপ, ২০২০ টকিঅ' অলিম্পিক আৰু এইবাৰ ফিফা বিশ্বকাপৰ বাবে ৰেফাৰী হিচাপে নিৰ্বাচিত কৰা হৈছে । আনহাতে চেলিমাৰ উপৰি এইবাৰ ফিফা বিশ্বকাপত আন দুগৰাকী মহিলা ৰেফাৰী আছে । তেওঁলোক ক্ৰমে যমশিতা য়ামশিতা(৩৬) আৰু ষ্টেফানি ফ্ৰাপাৰ্ট ৷ যমশিতা য়ামশিতা জাপান আৰু ষ্টেফানি ফ্ৰাপাৰ্ট ফ্ৰান্সৰ ৷

লগতে পঢ়ক: FIFA World Cup 2022: 92 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰাণ পাঠেৰে আৰম্ভ ফিফা বিশ্বকাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.