ETV Bharat / bharat

Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়

author img

By

Published : Nov 25, 2022, 12:32 PM IST

এক দীৰ্ঘ বিৰতিৰ মূৰত ন্যায় পালে এটা পৰিয়ালে ৷ 2016 চনৰ পৰা ন্যায়ৰ আশাত বন্দী আছিল পৰিয়ালটো ৷ অৱশেষত 2022 চনত ন্যায় পালে এই পৰিয়ালটোৱে ৷ তেলেংগানাৰ হায়দৰাবাদৰ POCSO আদালতে 4 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুছাৰী ৰাজু ওৰফে কাতম ৰাজুক দোষী সাব্যস্ত কৰি 20 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে (Man gets 20 years in jail for sexually assaulting girl child)।

Sexually assaulting minor in Telangana
7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : আইন সকলোৰে বাবে সমান ৷ আইনৰ বিচাৰ কিছু পলম হ’ব পাৰে, কিন্তু এই ন্যায় বিচাৰত দোষীয়ে নিজৰ কু-কৰ্মৰ ফল ভোগ কৰেই ৷ ইয়াৰে এক উদাহৰণ হ’ল তেলেংগানাৰ শিশু বিশেষ সুৰক্ষাৰ আদালত (Hyderabad POCSO Court) ৷

POCSO আইনৰ অধীনত তেলেংগানাৰ শিশু বিশেষ সুৰক্ষাৰ আদালতে বৃহস্পতিবাৰে নাবালিকা ছোৱালীক যৌন নিৰ্যাতন চলোৱা এজন লোকক 20 বছৰৰ বাবে কাৰাদণ্ড বিহে (Sexually assaulting minor in Telangana) । বিশেষ আদালতৰ ন্যায়াধীশ হৰিষাই মঞ্চলৰ বাসিন্দা অভিযুক্ত দুছাৰী ৰাজু ওৰফে কাতম ৰাজুক দোষী বুলি চিনাক্ত কৰে ৷ লগতে অভিযুক্ত ৰাজুৰ দোষ প্ৰমাণিত হোৱাত 20 হাজাৰ টকাৰ জৰিমনাৰ লগতে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে (Man gets 20 years in jail for sexually assaulting girl child)৷

পূৰ্বৰ সেই ঘৃণনীয় ঘটনাৰ তথ্য অনুসৰি, সময় আছিল 2016 চন ৷

2016 চনৰ 5 ফেব্ৰুৱাৰীত মঞ্চল আৰক্ষীয়ে 24 বছৰীয়া এগৰাকী অভিযোগকাৰীৰ পৰা লাভ কৰিছিল এক এজাহাৰ ৷ এই এজাহাৰত উল্লেখ কৰা অনুসৰি, কাতম ৰাজুৱে 4 ফেব্ৰুৱাৰীৰ দিনা টকাৰ প্ৰলোভন দি তেওঁৰ 4 বছৰীয়া কন্যাক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল (Girl child sexual assault case) । কিন্তু সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে 4 বছৰীয়া কণমানিজনীয়ে ৷

কণমানিজনীয়ে সমগ্ৰ ঘটনাটো মাকৰ আগত বিৱৰি কোৱাৰ পাচতে কণমানিজনীৰ মাকে কাষ চাপে আৰক্ষীৰ ৷ এই অভিযোগৰ ভিত্তিতে মাঞ্চল আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত ৷ তদন্তৰ সময়ত মাঞ্চল আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বহু প্ৰমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

2016 চনৰ পৰাই বৰ্তমান পৰ্যন্ত ঘটনা সন্দৰ্ভত শুনানি চলি আছিল ৷ অৱশেষত বৃহস্পতিবাৰে এই গোচৰৰ শুনানি অনুসৰি এল বি নগৰৰ বিশেষ POCSO আদালতৰ ন্যায়াধীশ হৰিষাই অভিযুক্ত দুছাৰী ৰাজুক শাস্তি স্বৰূপে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ (Man sentenced 20year imprisonment) লগতে 20 হাজাৰ টকাৰ জৰিমণাও আৰোপ কৰে ।

লগতে পঢ়ক : Rape case in Nalbari : ছাত্ৰীক শ্লীলতা হানিৰ চেষ্টা লম্পট ছাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.