FIFA World Cup fever : আৰ্জেণ্টিনা ফুটবল দলৰ ব্যতিক্ৰমী সমৰ্থক

author img

By

Published : Nov 25, 2022, 1:50 PM IST

Kerala

কাটাৰত অনুষ্ঠিত হৈছে বিশ্ব কাপ ফুটবল (FIFA world Cup 2022)। কেৰালাৰ এটা পৰিয়ালে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । আৰ্জেণ্টিনা দলৰ প্ৰতি থকা পৰিয়ালটোৰ উন্মাদনাই সকলোকে আচৰিত কৰি তুলিছে ।

স্পৰ্টছ ডেস্ক,২৫ নৱেম্বৰ : ফুটবল জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব (FIFA World Cup Qatar)। বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ নিজৰ পচন্দৰ দলটোক সমৰ্থন কৰা দেখা গৈছে অনুৰাগীসকলক । ইয়াৰ মাজতে আৰ্জেণ্টিনাৰ ব্যতিক্ৰমী সমৰ্থক হিচাপে দেখা গৈছে কেৰালাৰ এটা পৰিয়ালক (Kerala family crazy about football)। কেৰালাৰ পৰিয়ালটোৱে ব্যতিক্ৰমী ৰূপত বিশ্ব কাপ ফুটবলৰ আমোদ লৈছে ।

কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা দলটোৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ চাজিলাল, তেওঁৰ পত্নী আৰু দুই পুত্ৰই দলটোৰ জাৰ্চি পৰিধান কৰিছে । কেৱল এয়াই নহয়, আৰ্জেণ্টিনাৰ প্ৰতি থকা উন্মাদনা দেখুৱাবলৈ তেওঁলোকৰ বাহনখনো নীলা আৰু বগা ৰঙেৰে অৰ্থাৎ আৰ্জেণ্টিনাৰ দলৰ পতাকাৰ ৰঙেৰে অংকন কৰি লৈছে । ফিফা-২০২২ ত দক্ষিণ আমেৰিকাৰ দলটোৰ বিজয় কামনা কৰি তেওঁলোকৰ ঘৰৰ চৌহদত আৰ্জেণ্টিনাৰ পতাকাও লগাইছে (Argentina supporter in Kerala)। চাজিলালে আনকি তেওঁৰ পুত্ৰৰ নামও আৰ্জেণ্টিনা ৰাখিছে । কেৰালাত সম্ভৱত সেই নামৰ একমাত্ৰ তেওঁৰে পুত্ৰ ।

আৰ্জেণ্টিনা ফুটবল দলৰ ব্যতিক্ৰমী সমৰ্থক

আৰ্জেণ্টিনা ফুটবল দলৰ সমৰ্থক চাজিলালে তেওঁলোকৰ প্ৰথম পুত্ৰৰ নাম মাৰ্টিন আৰ্জেণ্টিনা পল ৰাখিছে । কাটাৰত ফিফা বিশ্বকাপ আৰম্ভ হোৱাৰ লগে লগে চাজিলালৰ ঘৰটো আৰ্জেণ্টিনাৰ অনুৰাগীৰ কৰ্ণাৰত পৰিণত হৈছে । ঘৰটোৰ চাৰিওফালে আৰ্জেণ্টিনাৰ পতাকা লগোৱা হৈছে । তেওঁৰ বাহনখনৰ দৰেই ঘৰটোও নীলা আৰু বগা ৰঙেৰে অংকন কৰা হৈছে ।

আৰ্জেণ্টিনা ফুটবল দলৰ প্ৰতি থকা উন্মাদনাৰ কথা সোধাত চাজিলালে কয় যে যেতিয়া তেওঁ পুত্ৰৰ নাম আৰ্জেণ্টিনা ৰাখিবলৈ সিদ্ধান্ত লৈছিল, তেওঁ আত্মীয়সকলে তীব্ৰ বিৰোধিতা কৰিছিল । কিন্তু তেওঁ দৃঢ় সংকল্প লৈছিল আৰু তেওঁলোকৰ ভিন্ন মতক আওকাণ কৰিছিল । চাজিলাল নিজেও এগৰাকী ফুটবল খেলুৱৈ আছিল ।

বিদ্যালয়ৰ জুনিয়ৰ দল, কনিষ্ঠ দল, কান্নুৰ জিলা দল আৰু পিছত কেৰালা ৰাজ্যিক দলৰ হৈ খেলিছিল চাজিলালে । চাজিলালৰ পত্নী ৰনিও আৰ্জেণ্টিনাৰ এগৰাকী উৎসাহী অনুৰাগী আৰু আৰ্জেণ্টিনা ফুটবল দলৰ প্ৰতি থকা মৰমৰ বাবে চাজিলালৰ প্ৰতিটো সিদ্ধান্তকে সমৰ্থন জনাই আহিছে ।

লগতে পঢ়ক :FIFA world cup 2022: প্ৰথমবাৰৰ বাবে ৰেফাৰীৰ দায়িত্বত মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.