Assam power tariff hike: উপভোক্তাৰ ওপৰত মাধমাৰ, পুনৰ বৃদ্ধি কৰা হ’ল বিদ্যুৎ মাচুল

author img

By

Published : Nov 25, 2022, 12:03 PM IST

Electricity charges hiked again in Assam

এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff to 79 paise per unit)। ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকে এই বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব । ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে এই বৰ্ধিত বিদ্যুৎ মাচুল বাহাল থাকিব ।

গুৱাহাটী, ২৫ নৱেম্বৰ: মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীৰ বাবে আন এক বেয়া খবৰ । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনৰ পিছত এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে (APDCL)। উল্লেখ যে দিছপুৰ দিল্লীত ব্যস্ত থকাৰ সময়তে সন্তর্পণে বৃদ্ধি কৰা হ’ল প্ৰতি ইউনিট বিদ্যুতৰ মাচুল (Assam power tariff hike) ।

ৰাজ্য চৰকাৰৰ অধীনস্থ অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুলৰ প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff) । ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকে এই বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব । ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে এই বৰ্ধিত বিদ্যুৎ মাচুল বাহাল থাকিব বুলি এ পি ডি চি এলৰ জাননীত উল্লেখ কৰিছে ।

উল্লেখ্য এ পি ডি চি এলে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৩০ পইচাৰ পৰা একেকোবে এনেদৰে ৭৯ পইচালৈ বৃদ্ধি কৰিলে । অর্থাৎ প্ৰতি ইউনিটত ৪৯ পইচা বিদ্যুৎ মাচুল বৃদ্ধি পালে । স্বাভাৱিকতে এই বিদ্যুৎ মাচুল বৃদ্ধিয়ে গ্ৰাহকৰ ওপৰত ৰাম টাঙোন সোধাব । এ পি ডি চি এলে জাননীত উল্লেখ কৰা অনুসৰি ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ঋণৰ ওপৰত বৰ্তী থকা চৰকাৰখনে সৰ্বসাধাৰণৰ ওপৰত ইটোৰ পাছত সিটো কৰৰ বোজা জাপি দি অব্যাহত ৰাখিছে ৰাজকীয় লাহবিলাহ । উল্লেখ যে নিয়মীয়া বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱা শক্তি বিভাগে মাচুল বৃদ্ধিৰে উপভোক্তাক মাধমাৰ শোধোৱাৰ ব্যৱস্থা কৰি আহিছে । উল্লেখ যে আগষ্ট-ছেপ্টেম্বৰ মাহত অস্বাভাৱিকভাৱে উপভোক্তাৰ বিদ্যুতৰ বিল বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । প্ৰায় ৪০-৫০ শতাংশকৈ বিদ্যুতৰ বিল বৃদ্ধি হোৱাত শক্তি বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছিল একাধিক অভিযোগ ।

এনে অভিযোগৰ পাছতে কিছু নৰম হোৱা অসম শক্তি বিতৰণ কোম্পানীয়ে (এ পি ডি চি এল) বিদ্যুতৰ বিল পৰীক্ষা কৰাৰ প্ৰস্তাৱ দিছিল । এনে প্ৰস্তাৱ কাৰ্যকৰীকৰণ সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই এ পি ডি চি এলে এইবাৰ পুনৰ ৭৯ পইচাকৈ প্ৰতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে । ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্ৰাইজ এডজাষ্টমেন্ট (এফ পি পি পি এ) ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত সময়ছোৱাত বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ এই ব্যৱস্থাৰ অধীনত মাচুল বৃদ্ধি কৰা হৈছে ।

এই বৰ্ষৰ এপ্ৰিল মাহত মাচুল বৃদ্ধিৰ পাছত পুনৰ এ পি ডি চি এলে ঘাটি জোৰা মাৰিবলৈ প্ৰতি ইউনিটত ৭৯ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাত স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । গ্ৰাহকক নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তি বিভাগে বিভিন্ন অজুহাতত প্ৰায়ে বৃদ্ধি কৰি আহিছে মাচুল ।

লগতে পঢ়ক: TMC protest in Dhubri: মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ নিয়ন্ত্ৰণৰ দাবীত TMC ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.