ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 24, 2022, 10:58 AM IST

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Fire in Odisha : ওড়িশাৰ আতচবাজী বিস্ফোৰণত ৪০ গৰাকী লোক আহত

কাৰ্তিকেশ্বৰৰ প্ৰতিমা বিসৰ্জনৰ সময়তে ওড়িশাৰ কেন্দ্ৰপাৰাৰ বালিয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । আতচবাজী বিস্ফোৰণৰ ফলত প্ৰায় ৪০ গৰাকী লোক গুৰুতৰভাৱে আহত । ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Majuli Ferry Accident: ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী, যাত্ৰীৰ মাজত হাহাকাৰ

কমলাবাৰী-নিমাতী যাত্ৰাবাহী ফেৰী দুৰ্ঘটনাগ্ৰস্ত ৷ SB বৈষ্ণৱী নামৰ যাত্ৰীবাহী ফেৰীখনে খুণ্ডিয়ালে পাৰ্কুপাইনত ৷ ফেৰীখনত আবদ্ধ 100 গৰাকীতকৈ অধিক যাত্ৰীৰ মাজত হাহাকাৰ ৷

2022 Assam floods: ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত পথ-দলং মেৰামতিত চৰকাৰৰ অনীহা !

চলিত বছৰত হৈ যোৱা দুটাকৈ বানত ৰাজ্যৰ 35 খন জিলাত 3 লাখতকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে (Flood damages in Assam)। কিন্তু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক তথ্য মতে, এতিয়ালৈকে ৩০ শতাংশ নিৰ্ধাৰিত বান ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ পোৱা নাই ।

Attack on Journalist in Behali: ইটিভি ভাৰতৰ সাংবাদিকক চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

বিহালীৰ বাঘমাৰীত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ ৷ গুলীয়াই প্ৰাণ নাশৰ ভাবুকি প্ৰদান ETV Bharat Assam ৰ বিশ্বনাথৰ পৰা সাংবাদিক হিচাপে কৰ্মৰত শ্ৰীমন্ত দাসক ৷ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল ৷

Theft in Barpeta: ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

বৰপেটা চহৰৰ সুন্দৰীদিয়াত চুৰিকাণ্ডৰ ঘটনা ৷ কলয়াহাটীৰ দিপান্ত দাস নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সোণৰ অলংকাৰ, নগদ ধন, পাট-মুগাৰ কাপোৰসহ লক্ষাধিক টকাৰ সামগ্ৰী ৷

Road accident in majuli: মাজুলীত পথ দুৰ্ঘটনাত আহত দুজন বাইক আৰোহী

সত্ৰ নগৰী মাজুলীত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী ৷ আহত আৰোহীদুজন হৈছে মাজুলীৰ জালুকবাৰীৰ কৌশিক বৰা আৰু ম’হকিনাৰ গাৱঁৰ যদু শইকীয়া ৷

Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

অসম-মেঘালয় সীমান্তত সংঘটিত ভয়াৱহ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষীয়ে অলপমান নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন ।

Assam govt cabinet decisions: মুক্ৰ’ৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্তৰ দায়িত্ব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনক

আজিৰ কেবিনেটে মঙলবাৰে মুক্ৰ’ত সংঘটিত ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ এই ঘটনাৰ ন্যায়িক তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনক দায়িত্ব অৰ্পন কৰে ৷ 60 দিনৰ ভিতৰত তেওঁ ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ৷

Pradyut Bordoloi on Assam Meghalaya border conflict: জ্বলা জুইত ঘিউ নাঢালিবলৈ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

অসম মেঘালয়ৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিক লৈ বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উদ্বেগ প্ৰকাশ (MP Pradyut Bordoloi)। বুধবাৰে মৰিগাঁও আৱৰ্ত্ত ভৱনত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ বৰদলৈয়ে কয় যে এইক্ষেত্ৰত অসম চৰকাৰ আৰু মেঘালয়ৰ চৰকাৰে সমূহীয়া উদ্যোগৰে সমস্যাৰ সমাধান কৰা উচিত । এই সংঘাত প্ৰশমিত কৰা বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । একেদৰে গুৱাহাটীত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে সাংসদ বৰদলৈয়ে ।

Bhupesh Baghel countered Assam CM: অসমৰ মুখ্যমন্ত্ৰীক অহৰহ ভয় খুৱাই কথা ক’বলৈ নিৰ্দেশ দিয়া হয়

ইডি আৰু আয়কৰ বিভাগৰ দ্বাৰা চলি থকা তদন্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক অহৰহ ভয় খুৱাইছে । যেতিয়া তেওঁক নিৰ্দেশ দিয়া হয় তেতিয়া তেওঁ কথা ক'বলৈ আৰম্ভ কৰে । ইয়াৰ কোনো যুক্তি নাই ৷ ৰাহুল গান্ধী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এইদৰে কয় ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.