Fire in Odisha : ওড়িশাত আতচবাজী বিস্ফোৰণত ৪০ গৰাকী লোক আহত

author img

By

Published : Nov 24, 2022, 10:40 AM IST

Updated : Nov 24, 2022, 12:46 PM IST

odisha

কাৰ্তিকেশ্বৰৰ প্ৰতিমা বিসৰ্জনৰ সময়তে ওড়িশাৰ কেন্দ্ৰপাৰাৰ বালিয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড (Fire incident in Odisha)। আতচবাজী বিস্ফোৰণৰ ফলত প্ৰায় ৪০ গৰাকী লোক গুৰুতৰভাৱে আহত । ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ : প্ৰতিবছৰে ওড়িশাত উলহ মালহেৰে পালন কৰা হয় কাৰ্তিকেশ্বৰ পূজা (Kartikeswar Puja 2022)। এইবাৰো এই পূজা জাকজমকতাৰে ওড়িশাৰ লোকসকলে পালন কৰিছে । কিন্তু এই আনন্দ উল্লাহৰ মাজতে ভয়ংকৰ ঘটনা ।

বুধবাৰে কাৰ্তিকেশ্বৰৰ প্ৰতিমা বিসৰ্জনৰ সময়তে আতচবাজী বিস্ফোৰণত প্ৰায় ৪০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয় (40 injured in firecracker mishap in Kendrapara)। ওড়িশাৰ কেন্দ্ৰপাৰাৰ বালিয়া বজাৰত সংঘটিত হৈছিল এই আতচবাজী বিস্ফোৰণ । বিসৰ্জনথলীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগত বালিয়া বজাৰত বিভিন্ন পূজা পেণ্ডেলৰ মাজত আতচবাজী বিস্ফোৰণৰ প্ৰতিযোগিতা চলিছিল ।

ওড়িশাত আতচবাজী বিস্ফোৰণত ৪০ লোক আহত

আৰক্ষীয়ে জনোৱা মতে আতচবাজী বিস্ফোৰণৰ সময়তে আতচবাজী মজুত কৰি ৰখা এটা ঘৰত জুইৰ সূত্ৰপাত হয় । য'ত জুইৰ সূত্ৰপাত হয় আৰু লোকসকল আঘাতপ্ৰাপ্ত হয় ।

জানিব পৰা মতে আঘাতপ্ৰাপ্ত বহু লোকক জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আনহাতে গুৰুতৰভাৱে আহত লোকসকলক কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে আঘাতপ্ৰাপ্ত লোকসকলক বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে । এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে উত্তেজনাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Petrol Tanker blast at Vaishali: বৈশালীত টেংকাৰ বিস্ফোৰণত নিহত ৩

Last Updated :Nov 24, 2022, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.