Attack on Journalist in Behali: ইটিভি ভাৰতৰ সাংবাদিকক চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

author img

By

Published : Nov 24, 2022, 8:15 AM IST

Journalist attacked by miscreants in Behali

বিহালীৰ বাঘমাৰীত সাংবাদিকক আক্ৰমণ দুৰ্বৃত্তৰ ৷ গুলীয়াই প্ৰাণ নাশৰ ভাবুকি প্ৰদান ETV Bharat Assam ৰ বিশ্বনাথৰ পৰা সাংবাদিক হিচাপে কৰ্মৰত শ্ৰীমন্ত দাসক (Attack on Journalists) ৷ ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল ৷

বিহালী, 24 নৱেম্বৰ: সংবাদ মাধ্যম ৷ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্থান দিয়া হৈছে ৷ সম্পূৰ্ণ নিষ্ঠা আৰু নিৰপেক্ষভাৱে সমাজৰ হিতকাৰী আৰু সত্যতাৰে নিস্বাৰ্থভাৱে সমাজত সংবাদ প্ৰেৰণ কৰাই হৈছে চতুৰ্থ স্তম্ভৰ মূল লক্ষ্য ৷ কিন্তু এই গণতান্ত্ৰিক দেশৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ মাধ্যমসমূহ কিমান স্বাধীন আৰু সুৰক্ষিত? কিয়নো নিস্বাৰ্থ আৰু সত্যতাৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈ বহু সময়ত সাংবাদিকসকল সন্মুখীন হয় বিপদৰ ৷ আনকি নিজৰ জীৱনৰ প্ৰতিও কঢ়িয়াই আনে চূড়ান্ত ভাবুকি ৷ অৱশ্যে এনে বহু ঘটনাৰ জলন্ত উদাহৰণ নোহোৱা নহয় ৷

শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে বিশ্বনাথ চাৰিআলিত ৷ এগৰাকী সাংবাদিকক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ (Attack on Journalists) ৷ বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ ভাবুকি প্ৰদান সাংবাদিকগৰাকীক ৷ কেৱল ইমানতেই ক্ষান্ত নাথাকি সাংবাদিকগৰাকীক আগুচি ধৰি চোকা অস্ত্ৰৰে বাহনত আক্ৰমণৰ কৰাৰ লগতে গুলীয়াই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই (Threat of attack to journalist) ৷

ইটিভি ভাৰতৰ সাংবাদিকক আক্ৰমণ চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত বিশ্বনাথ চাৰিআলিৰ পৰা বাতৰি সংগ্ৰহ কৰি বৰগাং দিশে গৈ আছিল ETV Bharat Assam ৰ বিশ্বনাথৰ পৰা সাংবাদিক হিচাপে কৰ্মৰত শ্ৰীমন্ত দাস (Attacked on ETV Bharat Journalist) ৷ বৰগাং দিশে গৈ থকা সময়তে বিহালী সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তই সাংবাদিক শ্ৰীমন্ত দাসক আক্ৰমণ কৰে ।

জানিব পৰা মতে, বাঘমাৰী মহম্মদ হাকিমুদ্দিন আলি নামৰ লোকজনে আন্ধাৰৰ সুযোগ লৈ সাংবাদিক শ্ৰীমন্ত দাসৰ বাহনখন আগচি ধৰি চোকা অস্ত্ৰৰে বাহনখনত আক্ৰমণ কৰে ৷ লগতে শ্ৰীমন্ত দাসক ভৱিষ্যতে বাঘমাৰী অঞ্চলত বা-বাতৰি সংগ্ৰহ কৰা দেখা পালে গুলিয়াই হত্যা কৰাৰো ভাবুকি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে সাংবাদিকগৰাকীয়ে ।

Journalist attacked by miscreants in Behali
ইটিভি ভাৰতৰ সাংবাদিকক আক্ৰমণ চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

ইয়াৰ পিছতে সাংবাদিকগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰি প্ৰাণ ৰক্ষা কৰে ৷ ইফালে ৰাইজ উপস্থিত হোৱাৰ সময়তে আক্ৰমণকাৰী হাকিমুদ্দিন আলি সেই স্থানৰ পলায়ন কৰে । ততাতৈয়াকৈ ভুক্তভোগী সাংবাদিক শ্ৰীমন্ত দাসে জিনজিয়া আৰক্ষী থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে । আক্ৰমণৰ ফলত বাহনখনৰ কিছু পৰিমাণে ক্ষয়-ক্ষতি হোৱা বুলি সাংবাদিক শ্ৰীমন্ত দাসে জানিবলৈ দিয়ে ৷

এগৰাকী সাংবাদিকক কৰা আক্ৰমণৰ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে স্থানীয় ৰাইজে । সাংবাদিকগৰাকীক আক্ৰমণ কৰা কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাঘমাৰী ব্ৰহ্মপুত্ৰ চাপৰি সমবায় সমিতিয়ে জিনজিয়া আৰক্ষীক অৱগত কৰাৰ লগতে অভিযুক্ত হাকিমুদ্দিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Son Killed Mother: এটা ম’বাইলৰ বাবেই মৰিয়াই মৰিয়াই মাতৃক হত্যা পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.