ETV Bharat / bharat

Bhupesh Baghel countered Assam CM: অসমৰ মুখ্যমন্ত্ৰীক অহৰহ ভয় খুৱাই কথা ক’বলৈ নিৰ্দেশ দিয়া হয়

author img

By

Published : Nov 23, 2022, 10:58 PM IST

ইডি আৰু আয়কৰ বিভাগৰ দ্বাৰা চলি থকা তদন্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক অহৰহ ভয় খুৱাইছে । যেতিয়া তেওঁক নিৰ্দেশ দিয়া হয় তেতিয়া তেওঁ কথা ক'বলৈ আৰম্ভ কৰে । ইয়াৰ কোনো যুক্তি নাই ৷ ৰাহুল গান্ধী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এইদৰে কয় ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে (Bhupsh Baghel criticizes Himanta Biswa Sarma) ৷

Bhupesh Baghel countered Assam CM
Bhupesh Baghel countered Assam CM

নিউজ ডেস্ক, 23 নৱেম্বৰ: ৰাহুল গান্ধীক দেখিলে ছাদ্দাম হুছেইনলৈ মনত পৰে বুলি অসম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক (Himanta Biswa Sarma on Rahul Gandhi) উভতি ধৰিলে ছত্তীশগড়ৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ সাংবাদিকসকলে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক প্ৰশ্ন কৰে যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ বিতৰ্কিত বক্তব্য দিছে । হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাহুল গান্ধীক এতিয়া কিয় ছাদ্দাম হুছেইনৰ দৰে দেখা গৈছে । এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী বাঘেলে অসমৰ মুখ্যমন্ত্ৰীক ঠাট্টা-মস্কৰা কৰে (Bhupsh Baghel criticizes Himanta Biswa Sarma) ।

অসমৰ মুখ্যমন্ত্ৰীক অহৰহ ভয় খুৱাই কথা ক’বলৈ নিৰ্দেশ দিয়া হয়

তেওঁ কয়, "ইডি আৰু আয়কৰ বিভাগৰ দ্বাৰা চলি থকা তদন্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক অহৰহ ভয় খুৱাইছে । যেতিয়া তেওঁক নিৰ্দেশ দিয়া হয় তেতিয়া তেওঁ কথা ক'বলৈ আৰম্ভ কৰে । ইয়াৰ কোনো যুক্তি নাই"।

ইফালে, সত্যেন্দ্ৰ জৈনৰ জেলৰ ভিডিঅ’ আৰু জেলত তেওঁক প্ৰদান কৰা সা-সুবিধা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । তেওঁ কয়, "মালিচ ভিডিঅ'টোৰ পিছত জেল প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে, এইটো এটা ডাঙৰ প্ৰশ্ন (CM Bhupesh Baghel target BJP and AAP)। তেওঁক মালিচকাৰী আৰু শুকান ফল দিয়া হৈছে । এইবোৰ বস্তু তেওঁক কেনেকৈ দিয়া হৈছে । অৰবিন্দ কেজৰিৱাল নিজকে এখন কঠোৰ সৎ চৰকাৰ বুলি কয় । তেন্তে সত্যেন্দ্ৰ জৈনক কিয় মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা নহ'ল’’ । কেজৰিৱাল আৰু জৈনৰ মাজত কি সম্পৰ্ক বুলিও তেওঁ প্ৰশ্ন কৰে ৷

ইয়াৰ পিছত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৰায়পুৰৰ পৰা ৰাজনান্দগাঁৱলৈ যায় । ইয়াত তেওঁ ৰাজহুৱা সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । মুখ্যমন্ত্ৰী বাঘেলে কয়, "চত্তীশগড়ত বিজেপি চৰকাৰৰ 15 বছৰীয়া কাৰ্যকালৰ ৰাজনীতিত মই বৃহৎ মূল্য দিছো ৷ বহু মিছা গোচৰত মোক জড়িত কৰা হৈছিল, বহু পদ্ধতিৰ তদন্ত কৰা হৈছিল (Bhupesh Baghel accuses Raman government )। মোৰ পৰিয়ালক থানালৈ আহিবলৈ বাধ্য কৰাইছিল । আনকি মোৰ মাতৃকো ঘণ্টাৰ পিছত ঘণ্টা থানাত বহিবলৈ বাধ্য কৰাইছিল’’ ।

এই কথা কৈ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ চকুলো টোকা দেখা গ’ল । নিজক সম্বৰণ কৰি তেওঁ পুনৰ কয়, এই সকলোবোৰৰ পিছতো মই কাকো ভয় কৰা নাই । যোৱা 15 বছৰে ৰমন সিঙে কংগ্ৰেছ নেতাসকলক অবিৰতভাৱে হাৰাশাস্তি কৰি আহিছে । বহু ভুৱা গোচৰত মই আৰু মোৰ পৰিয়াল জড়িত হৈ পৰিছিলো । মোৰ সমগ্ৰ সম্পত্তি পৰীক্ষা কৰা হ’ল । মোৰ গোটেই পৰিয়ালটোক থানাত বহিবলৈ বাধ্য কৰাইছিল । মা কেতিয়াও থানালৈ যোৱা নাছিল । তেওঁক ঘণ্টাৰ পিছত ঘণ্টা থানাত বহিবলৈ বাধ্য কৰাইছিল’’ ।

বাঘেলে লগতে কয়, ‘‘ৰমন সিং আৰু বিজেপিৰ কৌশললৈ মোৰ ভয় নাই (Baghel accuses Raman government on harassment)। আজিও মোৰ বিৰুদ্ধে বহু ধৰণে কু-অভিপ্ৰচাৰ কৰা হয় । এই সকলোবোৰ কথা মোৰ বাবে কোনো গুৰুত্ব নাই, ৰমন সিং আৰু বিজেপিকো ভয় কৰা নাই । কেন্দ্ৰীয় চৰকাৰে ভয়ৰ ৰাজনীতি কৰিছে । বিষয়া-কৰ্মচাৰী আৰু কংগ্ৰেছ নেতাসকলক ৰাজ্যলৈ ইডি প্ৰেৰণ কৰি অহৰহ হাৰাশাস্তি কৰা হৈছে । ৰমন সিং যেতিয়াই দিল্লীলৈ যায় তেতিয়াই তদন্তৰ এটা বা আনটো বিষয়ৰ দোষ ছত্তীশগড়ৰ কংগ্ৰেছ নেতাসকলৰ ওপৰত জাপি দিয়া হয়’’ । এইদৰে বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছ নেতাগৰাকী ৷

লগতে পঢ়ক: Gujarat assembly election: গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক ডুপ্লিকেট গান্ধী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.